অসম

assam

ETV Bharat / state

পৱিত্ৰ বৰপেটাত মোগল বন্দনাক দুৰ্ভাগ্যজনক আখ্যা বিধায়ক দিগন্ত কলিতাৰ - Jihadi activities in Assam

বৰপেটাত উপস্থিত বিজেপি বিধায়ক দিগন্ত কলিতা (MLA Diganta Kalita at Barpeta) । পৱিত্ৰ বৰপেটাত উপস্থিত হৈ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য বিধায়ক কলিতাৰ । মোগল বন্দনা, জেহাদী আৰু মাদ্ৰাছা ভঙা প্ৰসংগত মন্তব্য আগবঢ়াই কলিতাই (MLA Diganta Kalita on Jehadi Issue) ।

mla diganta kalita reaction on jihadi and mughal
পৱিত্ৰ বৰপেটাত মোগল বন্দনা দূৰ্ভাগ্যজনক আখ্যা বিধায়ক দিগন্ত কলিতাৰ

By

Published : Sep 4, 2022, 1:47 PM IST

বৰপেটা,৪ ছেপ্টেম্বৰ:মোগল বন্দনাৰ প্ৰসংগক লৈ সাংসদ আব্দুল খালেকৰ লগতে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদকো সমালোচনা বিজেপি বিধায়ক দিগন্ত কলিতাৰ (MLA Diganta Kalita at Barpeta) ৷ সত্ৰনগৰী বৰপেটাত উপস্থিত হৈ বৰপেটাত মোগলৰ চৰ্চা হোৱাতো দুৰ্ভাগ্যজনক আখ্যা বিধায়ক দিগন্ত কলিতাৰ । বৰপেটাত আয়োজিত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই প্ৰতিক্ৰিয়া বিধায়কগৰাকীৰ ।

বিধায়ক দিগন্ত কলিতাই উল্লেখ কৰে যে এই পবিত্ৰ বৰপেটাত গুৰুজনাৰ প্ৰশংসা হ’ব লাগিছিল ৷ পিছে পৱিত্ৰ বৰপেটাত মোগল বন্দনা দুৰ্ভাগ্যজনক ৷ আব্দুল খালেক বা শ্বেৰমান আলী আহমেদে ৰাজনীতিৰ বাবে যিবোৰ কথা ক’বলৈ লৈছে এই কথা কোৱাতো উচিত নহয় বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে (MP Abdul Khaleque controversy comment on Mughal) ৷ লগতে তেওঁ মোগলে অসমক গৌৰৱান্বিত কৰিব নোৱাৰে বুলি কৈ মোগলৰ ১৭ বাৰ অসম আক্ৰমণৰ কথাও উল্লেখ কৰে ৷

যি মোগলক খেদিবলৈ গৈ লাচিত বৰফুকনে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈছে তেনেক্ষেত্ৰত মোগল বন্দনা শোভা নাপায় ৷ এইক্ষেত্ৰত ৰাজ্যৰ ৫০ লাখ খিলঞ্জীয়া মুছলমান সেই সকলৰ লগত নাই বুলি উল্লেখ কৰি অসমীয়া হিন্দু আৰু খিলঞ্জীয়া মুছলমানে মিলি বৰ অসমৰ সপোনক ২০২৪ আৰু ২৬ত সাকাৰ ৰূপ দিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দিগন্ত কলিতাৰ ৷

পৱিত্ৰ বৰপেটাত মোগল বন্দনা দূৰ্ভাগ্যজনক আখ্যা বিধায়ক দিগন্ত কলিতাৰ

আনহাতে জেহাদীৰ প্ৰংসগতে গুৰুত্বপূৰ্ণ মন্তব্য বিধায়ক কলিতাৰ (MLA Diganta Kalita on Jehadi Issue) । শিক্ষকৰ ৰূপত জেহাদী কাৰ্যকলাপ চলি থকা কাৰ্য সহ্য কৰা নহ’ব আৰু শান্তিৰ অসমত অশান্তিৰ সৃষ্টি কৰিবলৈ দিয়া নহ’ব বুলিও সকিয়নি বিধায়ক দিগন্ত কলিতাৰ (Jihadi activities in Assam) ৷ য'ত ভাষা, বুৰঞ্জীৰ শিক্ষা দিব লাগিছিল তাত অস্ত্ৰৰ শিক্ষা প্ৰদান কৰাতো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে ।

ইফালে মাদ্ৰাছা ধ্বংসৰ প্ৰসংগত বিধায়কগৰাকীয়ে বৰপেটাৰ বহু মুছলমানে চৰকাৰৰ কাৰ্যক আদৰণি জনোৱা বুলি মন্তব্য কৰে (Madrasa demolition in Assam) ৷ মাদ্ৰাছাত শিক্ষাপ্ৰদানৰ বিপৰীতে অস্ত্ৰৰ দীক্ষা দিয়া হৈছে ইয়াতকৈ ডাঙৰ কথা আন একো হ’ব নোৱাৰে উল্লেখ কৰে কলিতাই ৷ লগতে তেওঁ উল্লেখ কৰে যে, নৱ প্ৰজন্ম আমাৰ ভৱিষ্যত ৷ কিন্তু তেওঁলোকক মাতৃভাষা, বিজ্ঞান, বুৰঞ্জীৰ শিক্ষাৰ পৰিৱৰ্তে অস্ত্ৰৰ দীক্ষা দিয়াটো কেতিয়াও মানি লোৱা নহ'ব আৰু ইয়াৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতি বাহাল থাকিব বুলিও সকিয়নি প্ৰদান কৰে বিজেপি বিধায়ক দিগন্ত কলিতাই ৷

লগতে পঢ়ক:যৌন কৰ্মী সৰবৰাহকাৰীৰ হাতত আৰক্ষী অধীক্ষকৰ ম’বাইল

ABOUT THE AUTHOR

...view details