বৰপেটা, ১৯ অক্টোবৰ : মঙলবাৰে ঘোষণা কৰা হ’ল অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফল (Assam recruitment exam result)৷ উক্ত ফলাফলত ২৬ হাজাৰ ৬৮২ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় । ফলাফল ঘোষণাৰ পাছতে উত্তীৰ্ণ পৰীক্ষীসকল মৌখিক পৰীক্ষাতো বহিব লাগিব বুলি জনোৱাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (viva for 4th grade recruitment)৷
লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকল পুনৰ মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হোৱাৰ বিৰোধিতা কৰিছে বৰপেটাৰ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে (MLA Ashraful Hussain)৷ সংবাদ মেল সম্বোধন কৰি এআইইউডিএফৰ বিধায়কগৰাকীয়ে কয় যে, ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুৰ্নীতি ৰোধৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত মৌখিক পৰীক্ষা বন্ধ কৰাৰ কথা উল্লেখ কৰিছিল (Narendra Modi tweet on viva) ৷
কিন্তু অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি চাকৰিৰ বজাৰ মেলিব খুজিছে বুলি মন্তব্য কৰে বিধায়ক আশ্ৰাফুল হুছেইনে ৷ মৌখিক পৰীক্ষা অনুষ্ঠিত হ’লে দালালে চাকৰিৰ বজাৰ বহোৱাৰ সুযোগ ল’ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷