অসম

assam

ETV Bharat / state

কৰ'ণাত আক্ৰান্ত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন - barpeta covid positive

কৰ'ণাত আক্ৰান্ত চেঙা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক আশ্ৰাফুল হুছেইন । শৰীৰত সাধাৰণ লক্ষণ দেখা দিয়াৰ পিছতে এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে পৰীক্ষা কৰিছিল আৰু তেওঁৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । সম্প্ৰতি বহৰিস্থিত তেওঁৰ বাসগৃহতে হোম আইচ'লেচনত আছে বিধায়কগৰাকী ।

mla ashraful
কৰ'ণাত আক্ৰান্ত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন

By

Published : Jun 3, 2021, 9:47 PM IST

বৰপেটা,৩ জুন :ৰাজ্যত কৰ'ণাৰ সংক্ৰমণ অব্যাহত আছে । এইবাৰ কৰ'ণাত আক্ৰান্ত চেঙা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক আশ্ৰাফুল হুছেইন । শৰীৰত সাধাৰণ লক্ষণ দেখা দিয়াৰ পিছতে এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে পৰীক্ষা কৰিছিল আৰু তেওঁৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । সম্প্ৰতি বহৰিস্থিত তেওঁৰ বাসগৃহতে হোম আইচ'লেচনত আছে বিধায়কগৰাকী ।

বিধায়ক গৰাকী আক্ৰান্ত হোৱাৰ পিছতে তেওঁৰ দেহৰক্ষী, গাড়ী চালক আৰু তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলৰ ক'ভিড পৰীক্ষা কৰা হয় ৷ আনকি তেওঁৰ পত্নী আৰু পৰিয়ালৰ আন সদস্যৰো ক'ভিড পৰীক্ষা কৰা হয় যদিও আৰু কোনো লোকৰ শৰীৰতে কৰ'ণাৰ অৱস্থিতি ধৰা পৰে ।

লগতে পঢ়ক:ড৹ লক্ষ্মীনন্দন বৰাৰ বিয়োগত ড৹ নগেন শইকীয়াৰ শোক প্ৰকাশ

ABOUT THE AUTHOR

...view details