অসম

assam

By

Published : Apr 20, 2019, 9:47 PM IST

ETV Bharat / state

বৰপেটাত বিজেপি-কংগ্ৰেছৰ সমালোচনাত মুখৰ বিধায়ক আজিজ আহমেদ খান

এই নিৰ্বাচনত কৰিমগঞ্জ, বৰপেটা আৰু ধুবুৰী সমষ্টিত কংগ্ৰেছে বিজেপিৰ হৈ কাম কৰি আছে বুলি অভিযোগ বিধায়কগৰাকীৰ ৷

আজিজ আহমেদ খানৰ নিৰ্বাচনী সভা

বৰপেটা, ২০ এপ্ৰিল : কলগাছিয়াৰ সাপ্তাহিক বজাৰত অনুষ্ঠিত এ আই ইউ ডি এফৰ নিৰ্বাচনী সভাত উপস্থিত থাকি বিজেপি-কংগ্ৰেছৰ সমালোচনাত মুখৰ হৈ পৰিল দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক আজিজ আহমেদ খান ৷ কংগ্ৰেছ বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰি বিধায়কগৰাকীয়ে এই নিৰ্বাচনত কৰিমগঞ্জ, বৰপেটা আৰু ধুবুৰী সমষ্টিত কংগ্ৰেছে বিজেপিৰ হৈ কাম কৰি আছে বুলি অভিযোগ উত্থাপন কৰে ৷

আজিজ আহমেদ খানৰ নিৰ্বাচনী সভা

ইপিনে সংখ্যালঘু ভোট বিভাজন নকৰি বৰপেটাৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামক বিজয়ী কৰিবলৈ ৰাইজক ভোট ভিক্ষা কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে ১০০০ বিঘা ভূমি কেলেংকাৰী সম্পৰ্কত মত প্ৰকাশ কৰি মন্ত্ৰী ছিদ্দিক আহমেদৰ বিৰুদ্ধে এই কেলেংকাৰী সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আৱেদন জনোৱাৰ লগতে এই তদন্তত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তেন্তে আদালতৰ কাষ চাপিব বুলিও মন্তব্য কৰে আজিজ আহমেদ খানে ।

ABOUT THE AUTHOR

...view details