বৰপেটা, 21 জুন:বানত ককবকাইছে ৰাজ্যৰ জনতা (Flood in Assam)৷ বৰ্তমানেও অপৰিবৰ্তিত ৰূপত ৰাজ্যৰ বান পৰিস্থিতি ৷ 34খন জিলাৰ ভিতৰত প্ৰায় 32খন জিলাই এতিয়া বানৰ কৱলত ৷ চাৰিওফালে কেৱল বানৰ ধ্বংসলীলা ৷ আজি বানাক্ৰান্ত লোকৰ বুজ ল’বলৈ বৰপেটাত উপস্থিত হয় বৰপেটাৰ বিধায়ক ৰহিম আহমেদ (Barpeta MLA Rahim Ahmed) ৷
উল্লেখ্য যে , বান পৰিস্থিতিৰ বুজ লৈ চৰকাৰৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে বিধায়ক আহমেদে ৷ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে চূড়ান্ত গাফিলতি কৰাৰ অভিযোগ বৰপেটাৰ বিধায়কগৰাকীৰ ৷ প্ৰশাসনে এসপ্তাহে শিবিৰসমুহত বান সাহাৰ্য হিচাপে কেৱল চাউল যোগান ধৰিছে যদিও দাইল, মিঠাতেল বা আন সামগ্ৰী প্ৰদান কৰা নাই শিবিৰত ৷ চৰকাৰে পৰ্যাপ্ত পৰিমানে বান সাহাৰ্য নিদিয়াৰ অভিযোগ বিধায়ক গৰাকীৰ ৷ আনকি শিশু খাদ্যৰো নাই যোগান ৷