অসম

assam

ETV Bharat / state

Mission to include new voters: মহাবিদ্যালয়ত ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তি অভিযান - Application for inclusion of name in electoral

নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে সম্প্ৰতি বৰপেটা জিলাৰ প্ৰতিখন মহাবিদ্যালয়ত নিৰ্বাচনী বিষয়া উপস্থিত হৈ ভোটাৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে নতুন ভোটাৰৰ নাম (Names of new voters in electoral rolls) ৷ এতিয়াৰে পৰা ১৭ বছৰ ২ মাহ বয়স অতিক্ৰম কৰা সকলো যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তিৰ বাবে আবেদন জনাব পাৰিব ৷

Mission to include new voters
মহাবিদ্যালয়ত ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তি অভিযান

By

Published : Nov 30, 2022, 4:08 PM IST

বৰপেটা, ৩০ নৱেম্বৰঃনিৰ্বাচন আয়োগৰ নিৰ্দেশক্ৰমে সম্প্ৰতি চলি আছে ভোটাৰ তালিকাত নতুন ভোটাৰৰ নাম অন্তৰ্ভূক্তিৰ প্ৰক্ৰিয়া (Inclusion of new voters name)৷ ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তিৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি মহাবিদ্যালয় আৰু আন আন শিক্ষানুষ্ঠান সমূহত নিৰ্বাচনী বিষয়া উপস্থিত হৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তিৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে (Election Commission) ৷

মহাবিদ্যালয়ত ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তি অভিযান

নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে সম্প্ৰতি বৰপেটা জিলাৰ প্ৰতিখন মহাবিদ্যালয়ত নিৰ্বাচনী বিষয়া উপস্থিত হৈ ভোটাৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে নতুন ভোটাৰৰ নাম ৷ ইয়াকে লৈ মহাবিদ্যালয় সমূহত এক আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে ৷ ইপিনে,পূৰ্বে ১৮ বছৰ সম্পূৰ্ণ হ'লেহে ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তিৰ বিপৰীতে এতিয়া ১৭ বছৰ দুমাহ বয়স অতিক্ৰম কৰা প্ৰতিগৰাকী যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তিৰ বাবে আবেদন কৰিব পাৰিব বুলিও নিৰ্বাচন আয়োগে গ্ৰহন কৰিছে সিদ্ধান্ত (Application for inclusion of name in electoral roll) ৷

উল্লেখ্য় যে এতিয়াৰে পৰা ১৭ বছৰ ২ মাহ বয়স অতিক্ৰম কৰা সকলো যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তিৰ বাবে আবেদন জনাব পাৰিব ৷ বৰপেটাৰ জিলা নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই সদৰী কৰা মতে, আজিৰে পৰা ৪ ডিচেম্বৰলৈকে বৰপেটা জিলাৰ প্ৰতিখন মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আন উচ্চ শিক্ষাণুষ্ঠানত জিলা নিৰ্বাচনী বিষয়াৰ দল উপস্থিত হৈ ভোটাৰ তালিকাত নতুন ভোটাৰৰ নাম অন্তৰ্ভূক্তিৰ অভিযান চলাব (Mission to include new voters)।

লগতে পঢ়ক:Ragging incident of DU: চিকিৎসকে অনুমতি দিলে এয়াৰ এম্বুলেন্সেৰে নিয়া হ’ব এইমছলৈ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য

ABOUT THE AUTHOR

...view details