অসম

assam

অৱশেষত সন্ধান ওলাল গুনিয়ালগুৰিৰ ফজিলা খাতুনৰ

By

Published : Oct 30, 2021, 5:29 PM IST

সৰভোগত উদ্ধাৰ হ'ল কলগাছিয়াৰ পৰা নিৰুদ্দিষ্ট হোৱা এগৰাকী মহিলা । ফজিলা খাতুন নামৰ এই মহিলাগৰাকী যোৱা ২৬ অক্টোবৰৰ পৰা সন্ধানহীন হৈ আছিল । পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাছিল মহিলাগৰাকীৰ । মহিলাগৰাকীৰ সোণৰ অংলকাৰ চুৰি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

Missing women found in Kalgachia
সৰভোগত উদ্ধাৰ হ'ল কলগাছিয়াৰ পৰা নিৰুদ্দিষ্ট হোৱা ফজিলা খাতুন

জনীয়া, ৩০ অক্টোবৰ: অৱশেষত ফাদিল হ'ল কলগাছিয়াৰ পৰা মহিলা নিৰুদ্দেশ হোৱাৰ ৰহস্য । সন্ধান ওলাল ২৬ অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকা বৰপেটাৰ গুনিয়ালগুৰিৰ ফজিলা খাতুন নামৰ মহিলাগৰাকীৰ । সৰভোগত অসুস্থ অৱস্থাত উদ্ধাৰ হ'ল ফজিলা খাতুন । যোৱা ২৬ অক্টোবৰত বৰপেটাৰ কলগাছিয়াৰ পৰা মহিলাগৰাকী নিৰুদ্দেশ হৈছিল ।

পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিও শুং-সূত্ৰ উলিয়াব পৰা নাছিল । অৱশেষত যোৱা ২৭ অক্টোবৰত সৰভোগৰ উৰণীয়া সেঁতুৰ তলত অসুস্থ অৱস্থাত পৰিয়ালৰ লোকে মহিলাগৰাকীক উদ্ধাৰ কৰে আৰু চিকিৎসালয়ত ভৰ্তি কৰে । সুস্থ হৈ উঠাৰ পাচত শুকুৰবাৰে সাংবাদিকৰ আগত সকলো ব্যাক্ত কৰে ফজিলা খাতুনে । তেওঁ জনোৱা মতে, উক্ত দিনা তেওঁ সোণৰ অলংকাৰ বিক্ৰী কৰিবলৈ চিকিৎসালয়ৰ পৰা পোনে পোনে কলগাছিয়াৰ এখন গহণাৰ দোকানলৈ গৈছিল ।

দোকানখনত তেওঁৰ সৈতে আন তিনিগৰাকী মহিলাও উপস্থিত আছিল । ইয়াৰ পাচত কলগাছিয়া ষ্টেট বেংকৰ ওচৰত থকা এখন চাহ দোকানত চাহ আৰু পাণ খাইছিল ফজিলাই ।

কিন্তু ইয়াৰ পাচত কি হ'ল সেয়া মনত নাই ফজিলাৰ । লগত থকা মহিলাকেইগৰাকীয়ে চাহ অথবা পাণৰ লগত নিচাযুক্ত দ্ৰব্য মিহলাই খুৱাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে ফজিলা খাতুনে । লগতে মহিলাগৰাকীয়ে পৰিধান কৰি থকা সোণৰ আ-অলংকাৰৰ লগতে নথি-পত্ৰ লুটি নিয়াৰো অভিযোগ তুলিছে ।

অৱশ্যে, নিৰুদ্দেশৰ ঘটনাৰ আঁৰত এই মহিলা তিনিগৰাকী জড়িত আছে নে নাই সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব । উল্লেখ্য যে, মহিলাগৰাকী এনেদৰে নিৰুদ্দেশ হোৱা ঘটনাই এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই ঘটনাৰে দুষ্ট চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

লগতে পঢ়ক :দিনৰ 1 বজালৈ পাঁচটা সমষ্টিত ভোটদানৰ হাৰ 51.65 শতাংশ

ABOUT THE AUTHOR

...view details