বৰপেটাৰোড, 24 অক্টোবৰ: 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেঁকীপাৰৰ পৰা কাঠ ভৰ্তি ট্ৰাকলৈ উধাও হোৱাৰ ছয়দিন পাছত দেওবাৰে নিশা ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৰপেটাৰোড আৰক্ষীয়ে ৷ বৰপেটাৰোডৰ সমীপৰ ছলিকন্দাৰ পৰা উদ্ধাৰ কৰে ট্ৰাকখন (Missing Truck recoverd by Barpeta road police) ।
ঘটনাৰ বিৱৰণ অনুসৰি, বিগত 17 অক্টোবৰত কাজলগাঁৱৰ বন সংমণ্ডল বিষয়াৰ (Divisional Forest Officer) কাৰ্যালয়ৰ পৰা বৰপেটাৰ কাঠ বেপাৰীয়ে খোকণ আৰু বনচম কাঠ ক্ৰয় কৰি AS -09C-7632 নম্বৰ ট্ৰাকখন ভাড়াতলৈ বৰপেটাৰ চেঙালৈ কঢ়িয়াই লৈ আহিছিল । উক্ত কাঠ কঢ়িওৱা ট্ৰাকখন ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থাকোতে ট্ৰাকখনৰ পিছে পিছে বেলেগ এখন গাড়ীত আহি আছিল কাঠৰ বেপাৰীজন ৷
চালক আছাদ আলী আৰু হেণ্ডিমেন ছাহজাহান আলীয়ে কাঠ কঢ়িয়াই অনা উক্ত ট্ৰাকখন বৰপেটাৰোডৰ বেঁকী ব্ৰীজ পাৰ হৈ নিশা প্ৰায় 11:30 বজাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এখন হোটেলৰ সন্মুখত ভাত খাবলৈ ৰয় ৷ হোটেলখনত ভাত খোৱাৰ পাছতে হোটেলখনত মালিকক বহাই থৈ ট্ৰাকখনৰ চালক আছাদ আলী আৰু হেণ্ডিমেন ছাহজাহান আলীয়ে তেওঁলোকৰ মোবাইল অফ কৰি কাঠ ভৰ্তি ট্ৰাকখনলৈ উধাও হয় বুলি জনায় কাঠৰ বেপাৰীজনে ৷