বৰপেটা ২৩ জানুৱাৰী: বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত সোমবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ ৷ মৃত্যুমুখত পৰা কিশোৰীৰ ঘৰ গোৱালপাৰা জিলাৰ ৰংছাই আৰক্ষী চকীৰ অন্তৰ্গত ভুচখুলি গাঁৱত ৷ ৭ মাহৰ পূৰ্বে ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীয়ে দেওবাৰে নিশা গোৱালপাৰা অসামৰিক হাস্পতালত জন্ম দিছিল এটি পুত্ৰ সন্তান (Minor Rape Survivor Gives Birth ) ৷ কিন্তু সন্তানটোৰ জন্মৰ কিছু সময়ৰ পিচতে মৃত্যু হৈছিল সন্তানটিৰ ৷
ইপিনে কিশোৰী মাতৃগৰাকীৰো স্বাস্থ্যৰ ক্ৰমে অৱনতি ঘটাত তেওঁক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ (Fakhruddin Ali Ahmed Medical College) প্ৰেৰণ কৰা হয় ৷ কিন্তু চিকিৎসকৰ অশেষ প্ৰচেষ্টাৰ পাছত চিকিৎসাধীন অৱস্থাতে মৃত্যুমুখত পৰে কিশোৰীগৰাকীৰ ৷ পৰিয়ালৰ লোকে জনোৱা মতে সাত মাহ পূৰ্বে ধৰ্ষণৰ বলি হৈছিল ১৩ বছৰীয়া কিশোৰীগৰাকী ৷ বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ সময়তে ওচৰৰে যোগ চাংমাই নামৰ ৪০ বছৰীয়া এজন লোকে ভয়-ভাবুকিৰে ধৰ্ষণ কৰিছিল কিশোৰীগৰাকীক ৷
অভিযুক্ত যোগ চাংমায়ে কিশোৰীগৰাকীক ধৰ্ষণৰ পাছত তেওঁক ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰিলে হত্যা কৰাৰ ভাবুকি দিয়ে ৷ যাৰ বাবে ভয়তে কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকক জনোৱা নাছিল কোনো কথা ৷ ধৰ্ষণৰ বলি হৈ অৱশেষত অকাল মাতৃত্বক আঁকোৱালি ল’বলগীয়া হোৱা কিশোৰীগৰাকীয়ে আজি এটি সন্তান প্ৰসৱ কৰাৰ পাচত চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যু আঁকোৱালি ল’বলগীয়া হয় ৷