অসম

assam

ETV Bharat / state

ই-ৰিক্সাৰ খুন্দাত নিহত নাবালক : উত্তপ্ত বৰপেটা-বাঘবৰ পথ - Child death in Road Accident

বৰপেটা বাঘবৰ পথত বৃহস্পতিবাৰে পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত এটি নাবালকৰ(Child death in Road Accident) মৃত্যু হয় ৷ নাবালকটোৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

Minor killed in road accident in Barpeta
ই-ৰিক্সাৰ খুন্দাত নিহত নাবালক

By

Published : Mar 17, 2022, 5:30 PM IST

বৰপেটা, 17 মাৰ্চ : বৰপেটা বাঘবৰ পথত বৃহস্পতিবাৰে পুৱাই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ(Road Accident at Barpeta) । এটি নাবালকৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এই উত্তেজনাময় পৰিস্থিতিৰ ৷ ক্ষুদ্ধ স্থানীয় লোকে বন্ধ কৰি দিয়ে বৰপেটা-বাঘবৰ পথ । যাৰ বাবে পথটোত আৱদ্ধ হৈ পৰে শ শ যান-বাহন ।

ই-ৰিক্সাৰ খুন্দাত নিহত নাবালক

বৰপেটাৰ ভাতকুছিত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনাটো । এখন ই-ৰিক্সাৰ খুন্দাত থিতাতে নিহত হয় এটি 6 বছৰীয়া নাবালকৰ(Child death in Road Accident) । নাবালকটিৰ মৃত্যুৰ পাছতে উত্তপ্ত হৈ পৰে অঞ্চলটো ৷ স্থানীয় লোকে ৰাজপথৰ মাজত টায়াৰ জ্বলাই বন্ধ কৰি দিয়ে পথটো ৷

ই-ৰিক্সাৰ খুন্দাত নিহত নাবালক

পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোক উপস্থিত হয় ৷ অৱশেষত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে বহু চেষ্টাৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :বৰপেটাৰোডত মহিলাৰ ৰহস্যজনক মৃত্যু

ABOUT THE AUTHOR

...view details