বৰপেটা, 29 অক্টোবৰ :এগৰাকী শিক্ষকৰ কৰ্মকাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে বৰপেটাৰ পাটবাউসীৰ ৰাইজৰ মাজত ৷ এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে ৷ ব্যক্তিজন বৰপেটাৰ পাটবাউসী মজলীয়া বিদ্যালয়ত কৰ্মৰত এগৰাকী শিক্ষক আৰু সেই বিদ্যালয়খনৰে শিক্ষাৰ্থী আছিল নিৰ্যাতনৰ বলি হোৱা নাবালিকা গৰাকী ৷
অভিযোগ মতে, বৰপেটাৰ গণককুছিৰ নিবাসী পৱন দাস নামৰ শিক্ষকগৰাকীয়ে শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল নিজে শিক্ষাদান কৰা এগৰাকী শিক্ষাৰ্থীক ৷ শিক্ষাৰ্থী গৰাকীৰ অভিভাৱকৰ অভিযোগ অনুসৰি, বিদ্যালয়ৰ এটা কোঠালৈ মাতি নি ছাত্ৰীগৰাকীৰ শৰীৰত হাত দিছিল লম্পট শিক্ষকজনে ৷ ছাত্ৰী গৰাকীয়ে এই কথা নিজ মাতৃক অৱগত কৰাৰ পাচতে পোহৰলৈ আহে সমগ্ৰ ঘটনাটো ৷
লগতে পঢ়ক:গৰুখুটিৰ দৰে লামডিং বনাঞ্চলতো উচ্ছেদ চলাবলৈ সাজু হৈছে চৰকাৰ