অসম

assam

Ayushman Bharat Card: বৰপেটাত আয়ুস্মান ভাৰত কাৰ্ড বিতৰণ মন্ত্ৰী ৰণোজ পেগুৰ

By

Published : May 26, 2023, 8:41 PM IST

ৰাজ্যত ইতিমধ্যেই আৰম্ভ হৈছে আয়ুস্মান ভাৰত কাৰ্ড বিতৰণ প্ৰতিক্ৰিয়া (Ayushman Card) ৷ শুকুৰবাৰে বৰপেটাত এই কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে জিলাখনৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ E KYC প্ৰদান নকৰা হিতাধিকাৰীক শীঘ্ৰেই প্ৰদান কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ ৷

Ayushman Bharat Card
Ayushman Bharat Card

বৰপেটাত আয়ুস্মান ভাৰত কাৰ্ড বিতৰণ মন্ত্ৰী ৰণোজ পেগুৰ

বৰপেটা, 26 মে’: বৰপেটাত আয়ুস্মান কাৰ্ড বিতৰণ কাৰ্যসূচী ৷ আয়ুস্মান কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ এই কাৰ্ড বিতৰণ কৰি এই যোজনাক পৃথিৱীৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা যোজনা বুলি মন্তব্য মন্ত্ৰী পেগুৰ (Ayushman Bharat Digital Mission) ৷

উল্লেখ্য যে ভাৰত জন আৰোগ্য যোজনা আৰু আয়ুস্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে এই স্বাস্থ্য বিমা কাৰ্ড অথবা আয়ুস্মান ভাৰত কাৰ্ড (Ayushman Bharat Assam) ৷

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি বৰপেটা জিলা পুথিভঁৰালত জিলাখনৰ 8 লাখ 34 হাজাৰ 431 গৰাকী হিতাধিকাৰীক আয়ুস্মান কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে ৷

আৰু পঢ়ক:Ayushman card in Assam : আয়ুস্মান কাৰ্ডে ধেমাজি-লখিমপুৰ বহু দৰিদ্ৰ পৰিয়ালৰ ৰোগীৰ মুখলৈ ঘূৰাই আনিছে হাঁহি

মন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি বৰপেটা জিলাত মুঠ 11 লাখ 72 হাজাৰ 267 গৰাকী হিতাধিকাৰীৰ ভিতৰত মুঠ 8 লাখ 34 হাজাৰ 431 গৰাকী হিতাধিকাৰীয়েহে E KYC দাখিল কৰিছে ৷ এতিয়ালৈকে প্ৰায় 71 শতাংশ হিতাধিকাৰীয়ে E KYC দাখিল কৰা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে মন্ত্ৰীগৰাকীয়ে বাকী থকা হিতাধিকাৰীসকলকো অতি সোনকালে শীঘ্ৰেই E KYC দাখিল কৰিবলৈ আহ্বান জনাই ৷ উল্লেখ্য যে E KYC দাখিল নকৰা লোকসকলে চিকিৎসাৰ সময়ত এই যোজনাৰ পৰা লাভ কৰিবলগীয়া চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ’ব ৷ গতিকে এই সুবিধা আদায়ৰ বাবে E KYC দাখিল কৰিব লাগিব হিতাধিকাৰীসকলে (Ayushman card distribution) ৷

মন্ত্ৰী ৰণোজ পেগুৱে (Minister Ranoj Pegu) আয়ুস্মান জন আৰোগ্য যোজনাক পৃথিৱীৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি বুলি উল্লেখ কৰি এই আঁচনিৰ অধীনত দেশৰ 1350 খন হাস্পতালত 5 লাখ টকা পৰ্যন্ত চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক:Manipur crisis update: ইম্ফল ইষ্টত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙৰ বাসগৃহ আক্ৰমণ প্ৰতিবাদকাৰীৰ

ABOUT THE AUTHOR

...view details