পাঠশালা, 11 জুন :অসম চৰকাৰৰ বিভিন্ন বিভাগত থকা দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক কঠোৰ সকিয়নী মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ শুকুৰবাৰে পাটাচাৰকুছিত উপস্থিত হৈ অসম চৰকাৰৰ পঞ্চায়ত-গ্ৰামোন্নয়ন তথা খাদ্য আৰু অসামৰি যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে, অসমত চলি থকা সকলো দুৰ্নীতিক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰিব । সেয়ে সময় থাকোতেই দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীসকল সকীয়াই দিলে ৰণজিৎ কুমাৰ দাসে ৷ তেওঁ কয় যে, হয় সৎ পথলৈ আহক, অন্যথা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰক দুৰ্নীতিত নিমজ্জিত বিষয়া আৰু কৰ্মচাৰী সকলে ৷
নৱ গঠিত চৰকাৰৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত হয় পাটাছাৰকুছি সমষ্টিত ৷ ক'ভিড আক্ৰান্ত হৈ মৃত্যু মুখত পৰা লোকসকলৰ পৰিয়ালৰ বৰ্তমান অৱস্থাৰ বুজ ল'বলৈ উপস্থিত হোৱা ৰণজিৎ কুমাৰ দাসে সমষ্টিটোৰ প্ৰায় 10 গৰাকী মৃতকৰ ঘৰত খা-খবৰ লোৱাৰ লগতে সমবেদনা জ্ঞাপন কৰে ৷