বৰপেটা , 28 আগষ্ট :মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ঐতিহাসিক গোমুৰা সত্ৰত উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ ঐতিহাসিক সত্ৰখনত উপস্থিত হৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীয়ে সত্ৰৰ নৱনিৰ্মিত মণিকূট ভৱন উদ্বোধন কৰে ৷ মন্ত্ৰী দাসক সত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
ইয়াৰ পাচতে মন্ত্ৰী দাসে ঐতিহাসিক কাৰাকুছিৰ শ্ৰী শ্ৰী মাধৱদেৱ পদশিলা সত্ৰ পৰিদৰ্শন কৰে ৷ শ্ৰী শ্ৰী মাধৱদেৱ পদশিলা সত্ৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকী সৰুক্ষেত্ৰীৰ সৰ্থেবাৰীস্থিত বাপুজী মহাবিদ্যালয়ত উপস্থিত হয় ৷ মহাবিদ্যালয়খনত জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত বৰপেটা জিলাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূচাল, অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু নৱজিৎ পাঠক উপস্থিত থাকে ৷