বৰপেটা, ১৭ জুলাই : শনিবাৰে বৰপেটা জিলা (BARPETA DISTRICT) ভ্ৰমণ কৰে ৰাজ্য চৰকাৰৰ পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (RANJIT KUMAR DAS ) ৷ বৰপেটাত উপস্থিত হৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্যমন্ত্ৰীৰ ক'ভিড বিধৱা কল্যাণ আঁচনিৰ অধীনত ক'ভিড-19 ত মৃত্যু হোৱা জিলাখনৰ ১০৫ গৰাকী লোকৰ ভিতৰত ৩২ গৰাকী বিধৱা মহিলাক ৰাজ্য চৰকাৰৰ ফালৰ পৰা আঢ়ৈ লাখকৈ টকাৰ চেক প্ৰদান কৰে ৷ বৰপেটাৰ জিলা উপায়ুক্ত (barpeta deputy commissioner) ৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সাহায্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে চেকসমূহ প্ৰদান কৰে ৷
105 গৰাকী হিতাধিকাৰীলৈ মন্ত্ৰী ৰণজিৎ দাসৰ চেক প্ৰদান উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা একাংশ মহিলাই কান্দোনত ভাঙি পৰে ৷ সমান্তৰালকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এনে সিদ্ধান্তক আদৰণি জনোৱাও দেখা যায় ৷ শুকুৰবাৰে ৰাজ্য চৰকাৰে দাখিল কৰা বাজেটে মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি গৰাকীৰ সন্মান বচোৱা বুলি তেওঁ উল্লেখ কৰে ৷ তদুপৰি এই বাজেটক লৈ আটাইতকৈ সুখী হোৱা বুলিও মত প্ৰকাশ কৰা দেখা যায় ৷
সত্ৰনগৰী বৰপেটাৰ হাটীত জন্মগ্ৰহণ কৰা ব্যক্তি হিচাপে ৰণজিৎ কুমাৰ দাসে সত্ৰনগৰীৰ প্ৰথমগৰাকী মন্ত্ৰী বুলি উল্লেখ কৰি নিজকে ধন্য লাভ কৰা বুলি উল্লেখ কৰে ৷ একেদৰে অসম চৰকাৰে ঘোষণা কৰা বাজেটত বৰপেটাৰ উন্নয়নৰ কথা উল্লেখ নথকাৰ বাবে মন্ত্ৰীগৰাকীয়ে বৰপেটাবাসীক হতাশ নহ‘বলৈ আহ্বান জনাইছে ৷ কাৰণ বৰপেটাৰ উন্নয়নৰ বাবে মন্ত্ৰীগৰাকীয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে ৷
বৰপেটাত মন্ত্ৰী ৰণজিৎ দাস একেদৰে মন্ত্ৰীগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ সেই অনুসৰি, ৩১ জুলাইৰ পাচত বিভাগীয়ভাৱে ৰেচন কাৰ্ডৰ অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তনৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷ আনহাতে ৰাজ্যৰ ৫ লাখ হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰাৰ লগতে সদ্যহতে ১ লাখ ১০ হাজাৰ পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব পৰা অৱস্থাত আছে বুলি মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ দাসে ৷ প্ৰায় ৬ লাখ ৫০ হাজাৰ হিতাধিকাৰীক নতুনকৈ অৰুণোদয় প্ৰদান কৰা, ১ লাখ নিবনুৱাক চাকৰি, মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ আদি বিষয়সমূহ বাজেটত সন্নিৱিষ্ট কৰাৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগৰ শলাগ লোৱা দেখা যায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ৷
লগতে পঢ়কঃ নিশ্চিহ্ন হোৱাৰ দিশে চৰাইদেউৰ সাপেখাতিৰ নেফা আলি সংযোগী পথ