অসম

assam

ETV Bharat / state

ৰেচন কাৰ্ডৰ ভুৱা হিতাধিকাৰীলৈ মন্ত্ৰী ৰণজিৎ দাসৰ কঠোৰ সকীয়নি - ৰণজিৎ দাস

বক্ৰপথেৰে চৰকাৰী ৰেচন কাৰ্ড লোৱা সম্ভ্ৰান্ত পৰিয়ালসমূহলৈ সংবাদ মাধ্যমৰ জৰিয়তে কঠোৰ সকীয়নি প্ৰদান মন্ত্ৰী ৰণজিৎ দাসৰ ৷ শীঘ্ৰে ৰেচন কাৰ্ড ঘূৰাই নিদিলে সংবাদ মাধ্যমৰ যোগে তেওঁলোকক লাজ দিয়া হ'ব বুলি মন্তব্য কৰিছে মন্ত্ৰী গৰাকীয়ে ৷

Ranjit das at pathsala ASC10080
ৰেচন কাৰ্ডৰ ভুৱা হিতাধিকাৰীলৈ মন্ত্ৰী ৰঞ্জিত দাসৰ কঠোৰ সকীয়নি

By

Published : Jul 4, 2021, 2:00 PM IST

পাঠশালা, 4 জুলাই : সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে ক'ভিড (Covid 19)ৰ সংহাৰী ৰূপ ৷ ৰাজ্য চৰকাৰে ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানেও নিয়ন্ত্ৰণলৈ অহা নাই ক'ভিড (Covid 19)ৰ পৰিস্থিতি ৷ ইয়াৰ মাজতে শনিবাৰে পাটাছাৰকুছি সমষ্টিত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা কুৰিটা পৰিয়ালৰ ঘৰে ঘৰে গৈ শোক সন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰে অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjit Das) ৷

পৰিয়াল কেইটাৰ সদস্যসকলক সাক্ষাৎ কৰাৰ মাজতে বক্ৰপথেৰে চৰকাৰী ৰেচন কাৰ্ড লোৱা সম্ভ্ৰান্ত পৰিয়ালসমূহলৈ সংবাদ মাধ্যমৰ জৰিয়তে কঠোৰ সকীয়নি প্ৰদান কৰিলে মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যত ৰেচন কাৰ্ডৰ নামত সংঘটিত হৈছিল ব্যাপক দুৰ্নীতি ৷ বহু সম্ভ্ৰান্ত পৰিয়ালৰ মুৰব্বীয়ে বক্ৰপথেৰে ৰেচন কাৰ্ডৰ গৰাকী হৈছিল ৷

ৰেচন কাৰ্ডৰ ভুৱা হিতাধিকাৰীলৈ মন্ত্ৰী ৰঞ্জিত দাসৰ কঠোৰ সকীয়নি

কিন্তু সেইসকলৰ বিৰুদ্ধে এতিয়া সৰৱ হৈছে ৰাজ্য চৰকাৰ ৷ গতিকে এক লাখ টকাৰ ওপৰৰ আয় থকা তথা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক জুলাইৰ ভিতৰত কাৰ্ড ঘূৰাই দিবলৈ আহ্বান জনাইছে মন্ত্ৰী ৰণজিৎ দাসে (Ranjit Das) ৷ অন্যথা সেইসকল লোকৰ নাম সংবাদ মাধ্যম নতুবা সামাজিক মাধ্যমত বিজ্ঞাপন আকাৰে প্ৰকাশ কৰি তেওঁলোকক লাজ দিয়া হ'ব বুলিও সকীয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ একাংশ বিত্তবান লোক তথা চৰকাৰী চাকৰিয়াল লোকে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত দৰিদ্ৰ লোকক বঞ্চিত কৰি অন্তোদয়া কাৰ্ড লাভ কৰিছিল ৷ সেইসকল লোকক অচিৰেই ৰেচন কাৰ্ডসমূহ ঘূৰাই দিয়াৰ আহ্বান জনাইছে মন্ত্ৰী ৰণজিৎ দাসে (Ranjit Das) ৷ অন্যথা তেওঁলোকৰ নাম ছ'চিয়েল মিডিয়া আৰু বাতৰি কাকতত প্ৰকাশ কৰি লজ্জা দি তাৰপিছত নাম কৰ্তন কৰা হ'ব ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক জনজাগৰণ সৃষ্টি কৰাৰ চেষ্টা কৰা বুলি মন্তব্য কৰি তেখেতৰ নিৰ্দেশতে এই পদক্ষেপ লোৱা বুলি উল্লেখ কৰে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

লগতে পঢ়কঃআৰক্ষীক দাৰে ঘপিয়াই পলাই গ’ল বাবুল

ABOUT THE AUTHOR

...view details