অসম

assam

ETV Bharat / state

অন্ন সুৰক্ষা যোজনাৰ পৰা আঁতৰক স্বচ্ছল পৰিয়াল: মন্ত্ৰী ৰনজিৎ দাস

প্ৰতিষেধক প্ৰদান অভিযান পৰ্যবেক্ষণৰ বাবে বৰপেটাত উপস্থিত অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ ১ লাখ টকাতকৈ অধিক আয় কৰা স্বচ্ছল পৰিয়ালৰ নাম অন্ন সুৰক্ষা যোজনাৰ পৰা কৰ্তনৰ প্ৰক্ৰিয়া চলাই থকা বুলি জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে ৷ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে মৰিয়নিৰ বিধায়ক ৰূপজ্যেতি কুৰ্মীক ইমান দিনে কংগ্ৰেছে সন্মান দিয়া নাই বুলিও মন্তব্য কৰে ৷

minister Ranjit Das visit barpeta for vaccination drive obserovation
বৰপেটাৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী পৰ্ষবেক্ষণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

By

Published : Jun 22, 2021, 7:49 PM IST

বৰপেটা, ২২ জুন : ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান পৰ্যবেক্ষণৰ বাবে বৰপেটাত উপস্থিত অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ সোমবাৰে নিশা বৰপেটাৰ উপস্থিত হৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জিলাখনৰ প্ৰতিষেধক প্ৰক্ৰিয়াৰ পৰ্যবেক্ষণ কৰে ৷ উল্লেখ্য যে, বৰপেটা, বঙাইগাঁও আৰু ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে জনোৱা মতে, তিনিওখন জিলাতেই প্ৰথম দিনটোতেই প্ৰতিষেধক অভিযানৰ টাৰ্গেট অতিক্ৰম কৰিব পাৰিছে ৷

ইপিনে ৰাজ্যৰ প্ৰায় ১ লাখ টকাতকৈ অধিক আয় কৰা স্বচ্ছল পৰিয়ালৰ নাম "অন্ন সুৰক্ষা যোজনা"ৰ পৰা কৰ্তনৰ প্ৰক্ৰিয়া চলাই থকা বুলি জানিবলৈ দিছে যোগান বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে ৷ যিসকল চাকৰিয়াল বা ব্যৱসায়ী স্বচ্ছল পৰিয়ালৰ লোকৰ নামত "অন্ন সুৰক্ষা যোজনা"ৰ ৰেচন কাৰ্ড আছে, তেনে লোকসকলক সময় থাকোতেই নিজৰ কাৰ্ডসমূহ যোগান বিভাগক জমা দিবলৈ সকিয়নি প্ৰদান কৰিছে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ৷ অন্যথা চৰকাৰী "অন্ন সুৰক্ষা যোজনা"ৰ বাবে অযোগ্য তেনে স্বচ্ছল পৰিয়ালৰ লোক সকলৰ নাম ৰাজ্য চৰকাৰে বিজ্ঞাপন আকাৰে প্ৰকাশ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে সকিয়নি প্ৰদান কৰে ৷ ৰাজ্যৰ ৫ লাখ স্বচ্ছল লোকৰ নামত থকা "অন্ন সুৰক্ষা যোজনা"ৰ ৰেচন কাৰ্ড কৰ্তন কৰি দুখীয়া লোকক এই আচঁনিৰ সুবিধা প্ৰদান কৰা হ’ব ৷

বিজেপিত যোগদান কৰা কংগ্ৰেছৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক লৈয়ো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ কংগ্ৰেছত উপযুক্ত সন্মান পোৱা নাছিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা ৰূপজ্যোতি কুৰ্মীক সংগ্ৰামী যুৱক আখ্যা ৰণজিৎ কুমাৰ দাসৰ ৷ বিধায়কৰ কোনো অহংকাৰ নথকা ৰাইজৰ বাবে কাম কৰা এগৰাকী নেতা ৰূপজ্যোতি কুৰ্মী ৷ চাহ জনগোষ্ঠীয় নেতাসকলক বিজেপিয়ে উপযুক্ত মৰ্যদা দিছে ৷

বৰপেটাৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী পৰ্ষবেক্ষণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

অন্তোদয়াৰ নীতিৰে বৈষম্যহীন সমাজ গঢ়িব নোৱাৰিলে ভাৰতবৰ্ষক গুৰুৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰিম বুলি মন্তব্য কৰে ৰণজিৎ দাসে ৷ দলৰ নাম প্ৰকাশ নকৰাকৈ পুনৰ দুজন বিধায়ক বিজেপিলৈ অহাৰ ইংগিত বিজেপিৰ সভাপতি গৰাকীৰ ৷ দুই তিনিমাহৰ ভিতৰতে ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত হোৱাৰো ইংগিত প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷

চলিত বৰ্ষৰ আগষ্ট মাহৰ ভিতৰত প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ আশা ব্যক্ত কৰে অভিভাৱক মন্ত্ৰীগৰাকীয়ে ৷ চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰতেই "ভেকচিনেটেড ভাৰত" (VACCINATED BHARAT) ঘোষণা কৰিব বুলিও আশাবাদী ৰণজিৎ দাস ৷

লগতে পঢ়ক :আমচাঙৰ বেদখল উচ্ছেদ কৰা স্থানত বন বিভাগৰ গছপুলি ৰোপণ(PLANTATION)

ABOUT THE AUTHOR

...view details