বৰপেটা, ২৯ জুলাই: ৰাজ্য চৰকাৰৰ কৃতজ্ঞতা আঁচনিৰ(Kritagyata scheme) অধীনত ৰাজ্যৰ ২৭ খন জিলাত স্থাপন কৰা হ’ব পেঞ্চন সেৱা কেন্দ্ৰ (Pension sewa kendra)৷আজি বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত এটা পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰি এই কথা সদৰি কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Ranjeet Kumar Dass at Barpeta)৷
পেঞ্চন সেৱা কেন্দ্ৰটো মুকলি কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, ‘‘অসম চৰকাৰৰ যোৱা ২৮ অক্টোবৰত অনুষ্ঠিত কেবিনেট বৈঠকত এমট্ৰনৰ সহযোগত ৰাজ্যৰ ২৭ খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । অৱসৰী বিষয়া কৰ্মচাৰীসকলৰ পেঞ্চনৰ কাম-কাজসমূহ যাতে সহজ আৰু ক্ষীপ্ৰতৰভাৱে হয় সেই উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ’’৷