বৰপেটাৰোড, 30 জানুৱাৰী :মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক অৰ্পণ কৰা হ’ল বুথ কমিটিৰ সভাপতিৰ দায়িত্ব (Ranjeet Das has been selected as booth committee president) ৷ বৰপেটাৰোড নগৰ মণ্ডলৰ সভাপতি ৰাজেশ সৰকাৰে মন্ত্ৰীগৰাকীক এই দায়িত্বভাৰ গ্ৰহণ কৰে ৷ এই দায়িত্বভাৰ গ্ৰহণ কৰিয়েই মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দেওবাৰে বৰপেটাৰোডত অনুষ্ঠিত হোৱা মন কি বাত’ অনুষ্ঠানত অংশ লয় (Ranjeet Das attended mann ki baat programme at Barpeta) ৷
সৰভোগ সমষ্টিৰ বৰপেটাৰোডৰ 6 নম্বৰ ৱাৰ্ডৰ 160 নম্বৰ বুথৰ সভাপতি হিচাপে কাৰ্যকৰ্তা আৰু ৰাইজৰ লগত হোৱা ’মন কি বাত’ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে কাৰ্যকৰ্তা আৰু ৰাইজ আপ্লুত হৈ পৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পূৰ্বতে যি গঁড় হত্যা হৈছিল সেই গঁড় হত্যা বিজেপি চৰকাৰে ৰোধ কৰাৰ কথা উল্লেখ কৰে ৷
এই সফলতাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জনাইছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Ranjeet das on PM's remark on rhino protection) ৷