বৰপেটা, ৩১ মাৰ্চ: বৰপেটাৰ আকাশত দুখনকৈ হেলিক'প্টাৰ উৰুৱাই অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ হৈ প্ৰচাৰ চলালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অগপ সভাপতি অতুল বৰাই ৷ বৰপেটা পৌৰ সভাৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ প্ৰচাৰ সভাত মাইক্ৰ'ফাইনেঞ্চৰ ঋণৰ পৰা মুক্তি, অৰুণোদয় আঁচনিৰ ধন প্ৰতিমাহে তিনিহাজাৰলৈ বৃদ্ধি, সকলো মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তক অৰুণোদয় আচনিত অন্তৰ্ভূক্তি, চৰকাৰৰ প্ৰথম বছৰটোতে ১ লাখ লোকক চৰকাৰী চাকৰি, স্বয়ম আঁচনিৰ জৰিয়তে ১০ লাখ নিবনুৱাক স্বাৱলম্বী কৰি তোলা, মহিলা আত্মসহায়ক গোট সমূহক প্ৰথম দুটা বছৰত ১ লাখ আৰু পিচৰ তিনিটা বছৰত দুই লাখ টকাৰ আৰ্থিক অনুদান দিয়া হ'ব বুলি ঘোষণা ৷
ভাষণৰ আৰম্ভণিতে জালুকবাৰী সমষ্টিৰ ভোট গ্ৰহনৰ দিন পাহৰি যোৱা বুলি ধেমেলীয়া কথাৰে হাঁহিৰ খোৰাক দিয়া হিমন্ত বিশ্ব শৰ্মাই ক'লে; পদুমেই হাতী আৰু হাতীয়েই পদুম ৷ সেয়ে বৰপেটা সমষ্টিত সকলোকে হাতীৰ ছবিত ভোট দিবলৈ আহ্বান জনায় হিমন্ত বিশ্বই ৷ বিজেপি চৰকাৰ অহাৰ পিচত ৰাজ্যত উন্নয়ন হৈছে আৰু বৰপেটাত বৃহৎ কেঞ্চাৰ হাস্পতাল স্থাপনৰ কথা উল্লেখ কৰি কংগ্ৰেছৰ দিনত কেৱল ধূতী, লুঙী, সূতা, আঠুৱা আৰু কম্বলহে দিছিল বুলি কটাক্ষ কৰে ৷
কংগ্ৰেছৰ গেৰান্টিক উপলুঙা কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য; টাটা কোম্পানীয়েও গেৰান্টি নিদিয়ে ৷ অৰ্থাৎ ভাল বস্তুৰ গেৰান্টি নিদিয়ে ৷ ক'ভিডৰ বাবে হিমন্তই কোনো গেৰান্টি দিয়া নাছিল বুলি উল্লেখ কৰি তেওঁৰ ওপৰত সকলোৰে ভৰষা থকা বুলি মন্তব্য কৰে ৷