অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাবলৈ অনুৰোধ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

প্ৰধানমন্ত্ৰী মোডীৰ আহ্বান পালন কৰি দেওবাৰে নিশা ৯ বজাত সকলো অসমবাসীয়ে ৯ মিনিটৰ বাবে ঘৰৰ লাইট নুমুৱাই বন্তি, মম আদি প্ৰজ্বলন কৰিবলৈ ৰাজ্যবাসীক অনুৰোধ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

By

Published : Apr 5, 2020, 5:34 PM IST

minister chandra mohan patowary on prime minister narendra modi appeal
প্ৰধানমন্ত্ৰীৰ আহ্বান শুনিবলৈ ৰাইজক অনুৰোধ চন্দ্ৰমোহন পাটোৱাৰীৰ

বৰপেটা ৫ এপ্ৰিলঃবৰপেটাত চন্দ্ৰমোহন পাটোৱাৰীৰ অসমবাসীলৈ আহ্বান ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে নিশা ৯ বজাত সকলো দেশবাসীকে ৯ মিনিটৰ বাবে ঘৰৰ লাইট নুমুৱাই বন্তি, মম, টৰ্চ বা ম'বাইলৰ ফ্লাছ জ্বলাবলৈ দেশবাসীক অনুৰোধ জনাইছিল ৷ প্ৰধানমন্ত্ৰীৰ আহ্বান পালন কৰি দেওবাৰে নিশা ৯বজাত সকলো অসমবাসীয়ে ৯ মিনিটৰ বাবে ঘৰৰ লাইট নুমুৱাই বন্তি, মম আদি প্ৰজ্বলন কৰিবলৈ আহ্বান জনালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

প্ৰধানমন্ত্ৰীৰ আহ্বান শুনিবলৈ ৰাইজক অনুৰোধ চন্দ্ৰমোহন পাটোৱাৰীৰ
কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনত কৰ'ণা সংকটৰ অন্ত পেলাই দেশক উজ্বলতাৰ দিশে ধাৱমান হোৱাৰ প্ৰতীকি কাৰ্যসূচী হিচাপে নৰেন্দ্ৰ মোডীয়ে গ্ৰহন কৰিছে এই বিশেষ পদক্ষেপ ৷ প্ৰধানমন্ত্ৰী মোডীৰ এই আহ্বান পালন কৰি ৰাজ্যবাসীক ঘৰৰ বাহিৰত বন্তি, মম আদি জ্বলাবলৈ অনুৰোধ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ ইফালে বন্তি জ্বলোৱাৰ সময়ত কোনো কাৰণতে মানুহক ঘৰৰ চৌহদৰ পৰা বাহিৰ ওলাই নাহিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details