বৰপেটা, ৯ ফেব্ৰুৱাৰীঃ পৌৰ নিৰ্বাচনক লৈ ক্ৰমাৎ তৎপৰ হৈ পৰিছে অগপ (Municipal Election 2022) ৷ অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফনীভূষণ চৌধুৰীৰ উপস্থিতিত নামনি অসমৰ ১৮ খন পৌৰ এলেকাৰ অগপ নেতা-কৰ্মীক লৈ বৰপেটাত অনুষ্ঠিত মাণ্ডলিক সভা ৷
মাণ্ডলিক সভাত অংশগ্ৰহন কৰি অতুল বৰাৰ মন্তব্য- ‘‘বিৰোধী ৰাজনৈতিক দলসমূহৰ সমালোচনাৰ কোনো ল'জিক নাই ৷’’ বিহু সমিতিসমূহক চৰকাৰে ডেৰ লাখ টকাৰ অনুদান দিয়াক লৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সমালোচনাক লৈ অতুল বৰাৰ মন্তব্য- ‘‘বহু ৰাজনৈতিক দলে চৰকাৰখনক হকে-বিহকে সমালোচনা কৰে ৷ আমাৰ লক্ষ্য ৰাজ্যখনক দেশৰ ৫ খন ৰাজ্যৰ ভিতৰত স্থান দিয়া ৷ বিৰোধীৰ সমালোচনাৰ কোনো যুক্তি বা ল'জিক নাই ৷ গতিকে তেনে সমালোচনাক আমি কাণ দিয়া নাই আৰু নিদিও ৷’’