অসম

assam

ETV Bharat / state

বৰপেটাৰোডৰ কেটেল ফাৰ্মত মন্ত্ৰী অতুল বৰা

ৰাজ্যৰ কৃষি মন্ত্ৰী Frozen semen Bull কেন্দ্ৰত উপস্থিত হৈ পৰ্যবেক্ষণ কৰাৰ লগতে চৰকাৰী মাটি সমূহ বেদখল মুক্ত কৰাৰ বাবে বৰপেটাৰ জিলা উপায়ুক্ত আৰু বৰনগৰ ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ ৷

as_bar_Minister atul bora at barpeta road _vis_1to10_ASC10044
বৰপেটাৰোডৰ কেটেল ফাৰ্মত মন্ত্ৰী অতুল বৰা

By

Published : May 18, 2020, 1:59 PM IST

বৰপেটাৰোড 18 মে' : বৰপেটাৰ বাৰাপাটাস্হিত Frozen semen Bull ষ্টেচনটো দেওবাৰে কৃষি মন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰে ৷ উত্তৰ পূৰ্বাঞ্চলৰ এক মাত্ৰ Frozen semen Bull ষ্টেচনটো বিগত ২০১৫ চনৰ পৰা চলি আছে ৷

নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচলৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে বাৰাপেটাৰ এই Frozen semen Bull ষ্টেচনটোৰ পৰা গৰুৰ বীৰ্য সংগ্ৰহ কৰে বুলি কয় মন্ত্ৰী বৰাই ৷ ইয়াত থকা তিনি ধৰণৰ বলধ গৰু বহুত ভাল ৷ semen সংগ্ৰহৰ কাম নিয়মিতভাৱে হৈ থকা বুলিও কয় কৃষি মন্ত্ৰী অতুল বৰাই ৷

বৰ্তমানলৈকে ২৫ লাখ ৮৫ হাজাৰ ৩শ ৮৪ Frozen semen উৎপাদন কৰা হৈছে বুলি উল্লেখ কৰি এই উৎপাদনৰ সংখ্যা আৰু বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ বৰ্তমানেও ৬ লাখ Frozen semen মজুত আছে বুলি উল্লেখ কৰি সম্প্ৰতি চলি থকা লকডাউনৰ বাবে অনা নিয়াত সমস্যাৰ সৃষ্টি হৈছিল যদিও কেন্দ্ৰীয় চৰকাৰে সেই বাধা আতৰাই দিছে ফলত ৰাজ্য চৰকাৰেও কামখিনি আগবঢ়াই নিয়া বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

জীৱন আৰু জীৱিকা এই দুয়োটা দিশত দেশৰ প্ৰধানমন্ত্ৰীয়ে অধিক গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ সেইফালৰ পৰা কৃষি আৰু পশুপালন বিভাগটোত পৰিৱৰ্তন অনাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও মন্ত্ৰী গৰাকীয়ে জানিবলৈ দি আহি থকা দিনবোৰত Frozen semen অধিক গুৰুত্ব পাব বুলিও উল্লেখ কৰে ৷

বৰপেটাৰোডৰ কেটেল ফাৰ্মত মন্ত্ৰী অতুল বৰা

উল্লেখ্য যে Frozen semen Bull ষ্টেচনৰ মুঠ ১৮২ বিঘা মাটি আছে ৷ কেটেল ফাৰ্মৰ নামত মুঠ মাটি আছে ২৩১৪ বিঘা ৷ কিন্তু তাৰে মাত্ৰ ৭০০ বিঘা মাটিহে ফাৰ্মৰ দখলত আছে ৷ বাকী কিছু মাটি বেকীৰ গৰাখহনীয়াত জাহ গৈছে যদিও বহু মাটি বেদখলৰ কৱলত পৰি আছে ৷ বেদখলীয় মাটি সমূহ বেদখল মুক্ত কৰাৰ বাবে কৃষি মন্ত্ৰী অতুল বৰাই চকু মুদি নথকাৰ কথা উল্লেখ কৰি বেদখল মুক্ত কৰাৰ বাবে বৰপেটাৰ জিলা উপায়ুক্ত আৰু বৰনগৰ ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ দিয়াৰ কথাও উল্লেখ কৰে ৷ অচিৰেই কেটেল ফাৰ্মৰ মাটি বেদখল মুক্ত কৰা হব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷ কৃষিমন্ত্ৰী গৰাকীৰ লগত জিলা উপায়ুক্ত মূনীন্দ্ৰ শৰ্মা বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সান্ত্বনা বৰাকে ধৰি কৃষি আৰু পশুপালন বিভাগৰ কেবাজনো বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details