বৰপেটাৰোড/টীয়ক : ভোগালী বুলিলেই চৌদিশে ভোগৰ সমাহাৰ, মনলৈ আহে আন বহু ভোগৰ লগতে সৰভোগৰ এঠা দৈৰ কথা ৷ কিন্তু পূৰ্বৰ দৰে এইবেলি আপুনি ভোগালী বিহুত খাবলৈ নাপাব পাৰে সৰভোগৰ দৈ । হয়, দুই পালি ভেকচিন লোৱা লোকসকলেহে সৰভোগৰ দৈৰ বিপণীসমূহৰ পৰা ক্ৰয় কৰিব পাৰিব দৈ ৷ ৰাজ্যত কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশনা (SOP) ৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই এই পদক্ষেপ লৈছে সৰভোগ দৈ ব্যৱসায়ীসকলে ।
দুগ্ধ নগৰী খ্যাত সৰভোগৰ দুগ্ধ ব্যৱসায়ীসকলে এইবেলিও হাজাৰ হাজাৰ লিটাৰ দৈ, বাঁহৰ চুঙাৰ দৈ, ক্ৰীম, মাখন, ঘিউ আদি বিহু উপলক্ষে প্ৰস্তুত কৰিছে ৷ ইতিমধ্যে সৰভাগৰ দৈৰে ভৰি পৰিছে অসমৰ প্ৰায়বোৰ ভোগালীৰ বজাৰ (Milk products from Sarbhog in Uruka market) ৷ যিসকল গ্ৰাহকে কৰ’ণাৰ দুই পালি ভেকচিন নোলোৱাকৈ আছে, সেইসকলে ভোগালী বিহু উপলক্ষে সৰভোগলৈ দৈ ক্ৰয় কৰিব আহিলে ব্যৱসায়ীসকলে দৈ বিক্ৰী নকৰে বুলিও স্পষ্ট কৰি দিছে ৷
ইপিনে, মানস অভয়াৰণ্যৰ সমীপৰ ম’হৰ বাথানসমূহৰ পৰা অহা গাখীৰৰ পৰা দুগ্ধ ব্যৱসায়ীসকলে মাটিৰ পাত্ৰৰ লগতে বাঁহৰ চুঙাৰ দৈ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৷ কিয়নো ভিন্ন প্ৰান্তৰ লোকে সৰভোগৰ দৈ বিচাৰি ভিৰ কৰিছেহি বজাৰত ৷ ব্যৱসায়ীসকলে প্ৰতি কিল’ দৈত দুশ টকা, প্ৰতি কিল’ বাঁহৰ চুঙাৰ দৈত এশ আশী টকা, প্ৰতি কিল’ ক্ৰীম পাঁচশ টকা আৰু প্ৰতি কিল’ ঘিউ আঠশ টকাত বিক্ৰী কৰি থকা বুলি জানিব পৰা গৈছে ৷