অসম

assam

By

Published : May 22, 2021, 3:50 PM IST

ETV Bharat / state

পানীৰ দৰত বিক্ৰী হৈছে গাখীৰ

কলগাছিয়াৰ জনতা বালিকুৰী আদি বিভিন্ন বজাৰত পানীৰ দৰত গাখীৰ বিক্ৰী । মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতি গো পালকসকলৰ । উপায়ন্তৰ হৈ চৰকাৰৰ পৰা সাহাৰ্যৰ দাবী জনালে গো পালকসকলে ।

kalgachiya
পানীৰ দৰত বিক্ৰী হৈছে গাখীৰ

কলগাছিয়া, ২২ মে': মিনি লকডাউনৰ বাবে সৰ্বস্বান্ত হৈ পৰিছে দুগ্ধ ব্যৱসায়ীসকল । লকডাউনৰ বাবেই এতিয়া মহা বিপাঙত দুগ্ধ ব্যৱসায়ীসকল । একমাত্ৰ উপাৰ্জনৰ পথটোৱেই স্থবিৰ হৈ পৰাত দুৰ্ভোগ ভুগিব লগা হৈছে দুগ্ধ ব্যৱসায়ীসকলে । কিয়নো পানীৰ দৰত বিক্ৰী হৈ আছে গাখীৰ । যাৰফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে গো-পালকসকল । ধনৰ অভাৱত গৰুৰ খাদ্য কিনিবলৈ পৰা নাই এইসকল গো-পালকে ।

পানীৰ দৰত বিক্ৰী হৈছে গাখীৰ

বজাৰত মাত্ৰ ১৫/২০ টকা প্ৰতি কেজি গাখীৰ বিক্ৰী হোৱাত গৰুৰ খাদ্যও কিনিব পৰা নাই গো-পালকসকলে । মিনি লকডাউনৰ ফলত উপায়ন্তৰ হৈ পৰিছে এতিয়া বৃহত্তৰ কলগাছিয়া অঞ্চলৰ শ শ গো পালক । কলগাছিয়াৰ জনতা বালিকুৰী আদিৰ বিভিন্ন বজাৰত পানীৰ দৰত গাখীৰ বিক্ৰী কৰিবলগীয়া হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে এইসকল দুৰ্ভগীয়া গো পালকে । এই ক্ষেত্ৰত বিনামূলীয়াকৈ গৰুৰ খাদ্য যোগান ধৰিবলৈ কৃষি মন্ত্ৰীক আহ্বান জনাইছে গো-পালক সকলে ।

লগতে পঢ়ক: ধেমাজিৰ দক্ষিণ ডুমকটা গাঁৱক কন্টেইনমেন্ট জ'ন ঘোষণা

ABOUT THE AUTHOR

...view details