অসম

assam

By

Published : Jul 9, 2022, 11:29 AM IST

ETV Bharat / state

মধ্যাহ্ন ভোজনৰ নামত ব্যাপক অনিয়ম: অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে

১৭৯০ নং চৰ দিগজানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ আহাৰ বিতৰণৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে (Midday meal scam in Barpeta)। এই অভিযোগ বিদ্যালয় পৰিচালনা সমিতিৰ পুৰণি সদস্য আৰু ছাত্ৰ-ছাত্ৰীসকলে আনিছে ।

Midday
প্ৰধান শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

জনীয়া,৯ জুলাই :মধাহ্ন ভোজনৰ আঁচনিৰ নামত একাংশ চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিয়ে ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । এইবাৰ এই অভিযোগ উঠিছে বৰপেটা ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত কলগাছিয়াৰ ১৭৯০ নং চৰ দিগজানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৷ অভিযোগ আনিছে বিদ্যালয় পৰিচালনা সমিতিৰ পুৰণি সদস্য আৰু ছাত্ৰ-ছাত্ৰীসকলে ।

মধ্যাহ্ন ভোজনৰ নামত ব্যাপক অনিয়ম: অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে

বিদ্যালয়খনৰ প্ৰধান শিক্ষক ছাইফুল ইছলাম আৰু পৰিচালনা সমিতিৰ সভাপতি ছুবৰ আলীৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ আহাৰ বিতৰণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । আনকি ২০২১ চনত বঞ্চিত ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ আহাৰ বিতৰণ নকৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয় । ছাত্ৰ-ছাত্ৰীৰ অভিযোগ অনুসৰি পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰধান শিক্ষক ছাইফুল ইছলামে মধ্যাহ্ন ভোজনৰ সামগ্ৰী আত্মাসাৎ কৰিবলৈ অভিসন্ধি ৰচনা কৰিছে ।

লগতে পঢ়ক :উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল জোখ-মাখ বিভাগৰ নিয়ন্ত্ৰক শচীন্দ্ৰ নাথ বৈশ্য

ABOUT THE AUTHOR

...view details