জনীয়া, 14 জুলাই : নায্য প্ৰাপ্তিৰ দাবীৰে পুনৰ প্ৰতিবাদত বহিল সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন ৷ সমগ্র দেশৰ লগতে কলগাছিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন MDMWFI ৰ উদ্যোগত বিক্ষোভ প্ৰদৰ্শন কৰে । কৰ্মীসকলে কলগাছিয়া চাৰিআলি চ’কৰ পৰা এক বৃহৎ সমদল উলিয়াই হাতে হাতে প্লে-কাৰ্ড লৈ ৰূপসী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে ৷
নুন্যতম মজুৰিৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ বাকী থকা মাননী শীঘ্ৰে আদায় দিয়া, যধে-মধে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীক কামৰ পৰা বাহিৰ কৰা, মধ্যাহ্ন ভোজন আঁচনিৰ ব্যক্তিগতকৰণ অভিযান বন্ধ আদিৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে ৷ মঙলবাৰে ৰূপসী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে অসম চৰকাৰলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে উক্ত কৰ্মচাৰীসকলে । মঙলবাৰৰ দিনটোত কলগাছিয়াৰ বাদে ৰাজ্যৰ অন্য প্ৰান্ততো মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷
মধ্যাহ্ন ভোজন কৰ্মীসকলৰ ৰাজ্যজুৰি প্ৰতিবাদ শিৱসাগৰতো মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্রতিখন জিলাৰ উপায়ুক্তৰ যোগেদি স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্রেৰণ কৰাৰ কথা অৱগত কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰাপ্য ধন নাপালে দিল্লীৰ ৰাজপথত গৈ মুণ্ডন কৰাৰ হুংকাৰ দিয়ে প্রতিবাদকাৰীসকলে ৷
বিগত পাঁচ মাহ ধৰি পাৰিশ্রমিকৰ পৰা বঞ্চিত হৈ থকা এইসকল মহিলাই সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ 11 বজাৰ পৰা বিভিন্ন শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । মাত্র 1500 টকা বেতনৰ বিনিময়ত কর্ম কৰি থকা মহিলাসকলে চৰকাৰক শীঘ্ৰে তেওঁলোকৰ প্ৰাপ্য আদায় দিবলৈ আহ্বান জনায় । ৰাজ্যত চলি থকা দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ দাবীত পূৰ্বে বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল মধ্যাহ্ন ভোজনৰ ৰান্ধনী-কৰ্মচাৰীসকলে ৷ কিন্তু প্ৰতিবাদকাৰীসকলৰ এই দাবীৰ ওচৰত চৰকাৰে কিদৰে সেও মানে সেয়া সময়ত লক্ষণীয় হ’ব ৷
লগতে পঢ়ক:ধৰমতুল কাণ্ড: বৃক্কদাতাসকলৰ সৈতে মত বিনিময় মৰিগাঁও প্ৰশাসনৰ