বৰপেটা, ৯ জানুৱাৰী: বৰপেটাৰ গণককুছিস্থিত আদৰ্শ বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ মধ্যাহ্ন ভোজনৰ চাউল চুৰিক কেন্দ্ৰ কৰি বিদ্যালয়খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Mid day meal rice stole in Barpeta) ৷ চাউল চুৰিৰ ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষ আব্দুছ ছাহিদক ঘেৰাও অভিভাৱকসকলৰ ৷
উল্লেখ্য যে, শনিবাৰে বিদ্যালয়খনত সংঘটিত হৈছিল চাউল চুৰিৰ ঘটনা (Mid day meal rice) ৷ বিদ্যালয়খনৰ ৰেহেন আলী নামৰ কৰ্মচাৰীগৰাকীয়ে বিদ্যালয়খনৰ পৰা মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিচতেই ইয়াকে লৈ অভিভাৱক সকল ক্ষুব্ধ হৈ পৰে৷ ইফালে, চাউল চুৰিৰ ঘটনা গাপ দিবলৈকে কৰ্মচাৰীজনে চিচিভিটি কেমেৰা ওলোটাকৈ ৰাখি চুৰিকাণ্ড সংঘটিত কৰাৰো তথ্য-প্ৰমাণ পোৱা গৈছে ৷
কিন্তু সমগ্ৰ ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ ভূমিকাক লৈ অৱতাৰণা হৈছে প্ৰশ্নৰ ৷ অভিভাৱকসকলৰ অভিযোগ অনুসৰি চাউল চুৰিৰ বিষয়ে জানিব পাৰিও অভিযুক্ত কৰ্মচাৰীজনৰ বিৰুদ্ধে কোনো তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা নাই বিদ্যালয়খনৰ অধ্যক্ষ আব্দুছ ছাহিদে ৷ অভিভাৱকসকলে হেঁচা দিয়াৰ পিচতো কৰ্মচাৰীৰূপী চোৰ ৰেহেন আলীৰ বিৰুদ্ধে থানাত আজি পৰ্যন্ত এজাহাৰ দাখিল কৰা নাই অধ্যক্ষগৰাকীয়ে ৷
অধ্যক্ষগৰাকীয়ে চোৰক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা চলোৱা কাৰ্যৰ বিৰুদ্ধে অৱশেষত সোমবাৰে ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটে বিদ্যালয়খনত (School staff stole mid day meal rice) ৷ অধ্যক্ষগৰাকীক ঘেৰাও কৰি জবাবদিহি কৰাৰ লগতে অভিযুক্ত কৰ্মচাৰীজনৰ বিৰুদ্ধে অতি শীঘ্ৰে গোচৰ তৰিবলৈ অভিভাৱকসকলে দাবী উত্থাপন কৰে ৷