জনীয়া, 29 জুলাই:বৰপেটা জিলাৰ কলগাছিয়াৰ জনতা পঞ্চায়তত MGNREGA আঁচনিৰ অধীনত পথ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । তিনিটাকৈ আৰছিছি (RCC) কালভাৰ্ট নিৰ্মাণ নকৰাকৈ সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ পঞ্চায়তৰ সভাপতি হাবিল খানৰ বিৰুদ্ধে । সম্প্ৰতি পথছোৱাৰ নিৰ্মাণকাৰ্য আধাতে সামৰাৰ ফলত গাঁঠিৰ ধন ভাঙি টুলুঙা নাৱেৰে বিপদজনকভাৱে যাতায়ত কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷
উল্লেখযোগ্য যে, জনীয়া সমষ্টিৰ (Jania) মন্দিয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৮২ নং জনতা গাঁও পঞ্চায়তত তিনিটাকৈ আৰছিছি (RCC) কালভাৰ্টসহ কৃষি বান্ধ নিৰ্মাণৰ কথা আছিল ৷ ২০২০-২১ বৰ্ষৰ MGNREGA আঁচনিৰ দ্বাৰা আবণ্টিত ৫৮ লাখ ২৫ হাজাৰ ১১৪ টকা ব্যয় সাপেক্ষে পূব কলনি দূৰ্গা মন্দিৰৰ পৰা মজিদভিটা চৰলৈ এই কালভাৰ্ট আৰু কৃষি বান্ধ নিৰ্মাণৰ কথা আছিল ৷ কিন্তু, পঞ্চায়তখনৰ সভাপতি হাবিল খানৰ বিৰুদ্ধে নামমাত্ৰ মাটি পেলাই এটাও কালভাৰ্ট নিৰ্মাণ নকৰাকৈ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ভুক্তভোগী ৰাইজে ৷