অসম

assam

ETV Bharat / state

কলগাছিয়াত ইউনাইটেড এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে মিটাৰ ৰীডাৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ - Jonia

কলগাছিয়াৰ বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি । প্ৰাপ্য দৰমহাৰ দাবীত ইউনাইটেড এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে মিটাৰ ৰীডাৰ কৰ্মচাৰীৰ প্ৰতিবাদ । 7-8 মাহৰ পৰা অনাদায় মিটাৰ ৰিডাৰৰ দৰমহা । দৰমহা বিচৰাৰ বাবেই এজন কৰ্মচাৰীক কামৰ পৰা দিলে স্বেচ্ছামূলক অব্যাহতি ৷

কলগাছিয়াত ইউনাইটেড এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে মিটাৰ ৰীডাৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

By

Published : Sep 2, 2019, 11:02 PM IST

জনিয়া, 2 ছেপ্তেম্বৰঃ বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত ইউনাইটেড এণ্টাৰপ্ৰাইজ নামৰ এটি বেচৰকাৰী সংস্থাৰ অধীনত চলি থকা কলগাছিয়া বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰত সোমবাৰে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰত কৰ্মৰত 35 জন মিটাৰ ৰিডাৰে 7-8 মাহে অনাদায় থকা দৰমহা আদায় দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । আব্দুল আজিজ নামৰ এজন মিটাৰ ৰিডাৰে নিজৰ প্ৰাপ্য দৰমহা বিচৰাত কৰ্মচাৰী জনক কামৰ পৰা উলিয়াই দিয়াৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে কৰ্মচাৰীসকলে ৷ প্ৰতিবাদকাৰী কৰ্মচাৰী সকলে ইউনাইটেড এণ্টাৰপ্ৰাইজৰ দায়িত্বত থকা কৰ্মকর্তাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলাৰ লগতে দৰমহা আদায়ৰ দাবীত এক স্মৰকপত্ৰও প্ৰেৰণ কৰে । এই ক্ষেত্ৰত ইউনাইটেড এণ্টাৰপ্ৰাইজে বিলৰ ধন সংগ্ৰহ কৰি দিয়াৰ পিছতো নিজৰ প্ৰাপ্য দৰমহা বিচাৰিলে মিটাৰ ৰিডাৰক কামৰ পৰা উলিয়াই দিয়াৰ ভাবুকি দিয়ে বুলিও অভিযোগ কৰে । লগতে মিটাৰ ৰিডাৰে দিয়া ৰিডিংৰ পৰিৱৰ্তে ইউনাইটেড এণ্টাৰপ্ৰাইজৰ কৰ্মকর্তাই অধিক ৰিডিং দি বিল বনোৱাৰ গুৰুতৰ অভিযোগ তুলিছে মিটাৰ ৰিডাৰে । এই কৰ্মচাৰী সকলক প্ৰাপ্য দৰমহা আদায় নিদিলে বিদ্যুৎৰ বিল বিতৰণ নকৰাৰ লগতে নতুন কৰ্মচাৰী নিয়োগ কৰিলে আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি ভাবুকি প্ৰদান কৰিছে ৷

কলগাছিয়াত ইউনাইটেড এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে মিটাৰ ৰীডাৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details