বৰপেটা, 21 জুলাই : দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্ল’গান দি থকা চৰকাৰৰ দিনতে পুনৰ এক কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে ৷ এই কেলেংকাৰী সংঘটিত হৈছে ছাত্ৰবৃত্তিৰ নামত ৷ এই তথ্য পোহৰলৈ আনিছে বৰপেটাৰ চেঙা সমষ্টিৰ কেইবাখনো গাঁৱৰ ৰাইজে ৷
ছাত্ৰবৃত্তিৰ নামত এইবাৰ ধন আহিছে ৮০ বছৰীয়া বৃদ্ধ, নিৰক্ষৰ মহিলা, দিন-হাজিৰা কৰা শ্ৰমিক, শিক্ষক, গৃহিণী আদিলৈ ৷ চেঙা সমষ্টিৰ ভৈৰাগুৰি, কাঁহিকুছি, বাগুদি আদি গাঁৱসমূহত হুমায়ুন মালিক আৰু হান্নান আলীৰ নেতৃত্বত দেশৰ বিভিন্ন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীৰ ভূৱা নথি দাখিল কৰি দালাল চক্ৰই উলিয়াই নিছে ছাত্ৰবৃত্তিৰ কোটি কোটি টকা ৷ এই অভিযোগ কৰিছে চেঙাৰ কিছু সচেতন মহলে ৷ আনকি বাদ পৰি যোৱা নাই শিক্ষকো ৷
জানিব পৰা মতে, স্থানীয় কেইবাখনো বিদ্যালয়, মাদ্ৰাছা আদিৰ নামত দুষ্ট চক্ৰটোৱে একো একোজন ছাত্ৰৰ নামতো উলিয়াই নিছে জলপানিৰ ৩০ হাজাৰকৈ টকা ৷ সহজ-সৰল ৰাইজক এম জি এনৰেগাৰ ধন সোমোৱা বুলি আঁভূৱা ভাৰি দুষ্ট চক্ৰটোৱে উলিয়াই নিছে সমগ্ৰ ধন ৷ এই কথা অকপটে স্বীকাৰ কৰিছে ছাত্ৰবৃত্তিৰ নামত অহা ধনৰ গৰাকীয়ে ৷
ছাত্ৰৰ বিপৰীতে ৮০ বছৰীয়া বৃদ্ধাই লাভ কৰিলে ছাত্ৰবৃত্তি উল্লেখ্য যে, সংখ্যালঘু সম্প্ৰদায়ৰ আৰু কাৰিকৰী শিক্ষা (Merit Cum Means Scholarship for Professional and Technical Course) আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে আগবঢ়াই এই জলপানি ৷ সংখ্যালঘুসকলৰ বাবে মেধা তথা উপায় আধাৰিত বৃত্তি আঁচনি হৈছে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ এক মুখ্য কাৰ্যসূচী । ই এক কেন্দ্ৰীয় খণ্ডৰ আঁচনি আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ দ্বাৰা 100% পুঁজি যোগান ধৰা হয় ।
সংখ্যালঘুসকলৰ বাবে মেধা তথা উপায় বৃত্তি আঁচনিৰ উদ্দেশ্য হৈছে সংখ্যালঘু সম্প্ৰদায়ৰ পৰিয়ালৰ শিশুসকলক সমৰ্থন প্ৰদান কৰা । দেশৰ বিভিন্ন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান তথা বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত শিক্ষা গ্ৰহন কৰি থকা অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলক বেংক একাউন্টৰ জৰিয়তে সংখ্যা লঘু মন্ত্ৰণালয়ে আগবঢ়াই এই জলপানিৰ ধন ৷ এতিয়া তাতো চকু পৰিছে দুষ্ট চক্ৰৰ ৷ আশ্বৰ্যকৰভাৱে যিসকল লোকৰ বেংক একাউণ্টযোগে কাৰিকৰী শিক্ষাৰ জলপানিৰ ধন উলিয়াই নিছে, সেইসকলৰ অধিকাংশৰেই বয়স ৫০ বছৰৰ ওপৰৰ ৷
তাৰোপৰি বহুতেই আকৌ নিজৰ চহীটোকে কৰিব নোৱাৰে ৷ অথচ তেনে লোকৰ নামতেই উলিয়াই নিছে কোটি কোটি টকা ৷ আনহাতে, এনে কেলেংকাৰী সৈতে জড়িত হৈ পৰাৰ পিছত গঞা ৰাইজৰ মাজতো সৃষ্টি হৈছে আতংকৰ ৷ চৰকাৰে এই কেলেংকাৰীৰ বিৰুদ্ধে উচিত তদন্ত কৰাৰ লগতে দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে গাঁৱবাসীয়ে ৷
লগতে পঢ়ক:কেঁচা চাহপাতৰ মূল্য হ্ৰাসে বিপদত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়কক