বৰপেটা,1 জুলাই: আহাৰমহীয়া বানত বিপৰ্যস্ত হৈ পৰিছে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলা ৷ বানৰ বাবে স্তব্ধ হৈ পৰিছে সৰ্বস্তৰৰ ৰাইজৰ জন-জীৱন ৷ সম্প্ৰতি বানৰ কবলত পৰিছে বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুক্ষেত্ৰী মৌজা ৷ বন্যাৰ্তৰ পৰিস্থিতিৰ বুজ ল’বলৈ বুধবাৰে সৰুক্ষেত্ৰীত উপস্থিত হয় কংগ্ৰেছৰ যুৱ নেতা তথা ৭নং দক্ষিণ-পূৱ সৰুক্ষেত্ৰী জিলা পৰিষদৰ সদস্য বাবুল আলী । আলীয়ে যশোদাৰ পাম,যশোদা গাঁও আৰু বনিয়াকুছিৰ প্ৰায় দুশ পৰিয়ালৰ মাজত উপস্থিত হৈ মনৰ বুজ লোৱাৰ লগতে চিৰা,চেনি,বিস্কুট আদি খাদ্য সামগ্ৰী বিতৰণ কৰে ৷
সৰুক্ষেত্ৰীৰ বান পৰিস্থিতি পৰিদৰ্শন জিলা পৰিষদৰ সদস্যৰ
বানৰ কবলত পৰিছে বৰপেটাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুক্ষেত্ৰী মৌজা ৷ বন্যাৰ্তৰ পৰিস্থিতিৰ বুজ ল’বলৈ বুধবাৰে সৰুক্ষেত্ৰীত উপস্থিত হয় কংগ্ৰেছৰ যুৱ নেতা তথা ৭নং দক্ষিণ-পূৱ সৰুক্ষেত্ৰী জিলা পৰিষদৰ সদস্য বাবুল আলী ।
সৰুক্ষেত্ৰীৰ বান পৰিস্থিতি