অসম

assam

ETV Bharat / state

বৰপেটাত ৰাইজৰ দলৰ সাংগঠনিক তৎপৰতা - বৰপেটাত ৰাইজৰ দলৰ সাংগঠনিক তৎপৰতা

বৰপেটা সমষ্টিৰ বৃহৎ সংখ্যক ৰাইজৰ অংশ গ্ৰহণেৰে বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত বৰপেটা সমষ্টি ভিত্তিত ১০০ জনীয়া আহ্বায়ক সমিতি গঠন কৰিলে ৰাইজৰ দলে ।

বৰপেটাত ৰাইজৰ দলৰ সাংগঠনিক তৎপৰতা
বৰপেটাত ৰাইজৰ দলৰ সাংগঠনিক তৎপৰতা

By

Published : Dec 4, 2020, 7:10 PM IST

বৰপেটা, ৪ ডিচেম্বৰ:বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত বৰপেটা সমষ্টি ভিত্তিত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠনৰ বাবে অনুষ্ঠিত হয় সভা । বৰপেটা সমষ্টিৰ বৃহৎ সংখ্যক ৰাইজৰ অংশগ্ৰহণেৰে গঠন কৰা হৈছে ১০০ জনীয়া আহ্বায়ক সমিতি । ৰাইজৰ দলৰ বৰপেটা সমষ্টি ভিত্তিক আহ্বায়ক সমিতি গঠনৰ বাবে অনুষ্ঠিত সভাখনত উপস্থিত থাকে দলটোৰ মুখ্য আহ্বায়ক হুছেইন মহম্মদ শাহজাহান, ৰাজ্যিক আহ্বায়ক মনিৰুজ জামান আৰু আশ্ৰাফুল ইছলামৰ লগতে কেবাগৰাকীও নেতা । সভাখনত অংশগ্ৰহণ কৰা দলটোৰ ৰাজ্যিক আহ্বায়ক আশ্ৰাফুল ইছলামে কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু অসমৰ সুবিধাবাদী মিত্ৰজোঁটৰ চৰকাৰৰ লগতে কংগ্ৰেছ আৰু এআইইউডিএফৰ বিৰুদ্ধে দূৰত্ব বজাই ৰাখি ৰাইজৰ দলে ২১ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৷

বৃহৎ সংখ্যক ৰাইজৰ অংশগ্ৰহণেৰে গঠন কৰা হৈছে ১০০ জনীয়া আহ্বায়ক সমিতি

ইপিনে হু ইজ বদৰুদ্দিন বুলি কোৱা কংগ্ৰেছে আজমলৰ সৈতে মিত্ৰতা কৰি অসমৰ ৰাজনীতিলৈ বিশেষ পৰিৱৰ্তন আনিব বুলি আশা কৰিব নোৱাৰি বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে ৷ অৱশ্যে আগন্তুক নিৰ্বাচনত আঞ্চলিক শক্তিয়ে ঐক্যৱদ্ধভাৱে নিৰ্বাচনত অংশগ্ৰহণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে নেতাগৰাকীয়ে ৷ আনহাতে দলটোৰ আন এগৰাকী আহ্বায়ক মনিৰুজ জামানে সভাখনত অংশগ্ৰহণ কৰি সমষ্টি সমিতি গঠনৰ বাবে অনুষ্ঠিত হোৱা সভাখনত সহস্ৰাধিক লোকৰ সমাগমক লৈ উৎসাহিত হৈ পৰে ৷ নেতাগৰাকীয়ে অসমৰ ৰাইজৰ লগতে বিশেষকৈ মাতৃ সমাজে ৰাইজৰ দলক আঁকোৱালি লোৱা বুলিও মন্তব্য কৰে ৷ আনহাতে ২১ৰ নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰতিনিধিয়ে বৰপেটা সমষ্টিক প্ৰতিনিধিত্ব কৰিব বুলিও আহ্বায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক:কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালাৰ বাসগৃহত আয়কৰ বিভাগৰ তালাচী

ABOUT THE AUTHOR

...view details