বৰপেটা, ২২ ছেপ্টেম্বৰ: শতিকা প্ৰাচীন চহৰ বৰপেটাৰ উন্নয়ন আৰু বিকাশৰ বাবে বৰপেটা জিলা উপায়ুক্তই আৰম্ভ কৰিছে ব্যাপক তৎপৰতা ৷ বৰপেটা চহৰৰ সমস্যাসমূহ সমাধানৰ উদ্দেশ্যে বৃহস্পতিবাৰে পোন প্ৰথমবাৰৰ বাবে বৰপেটা চহৰৰ বিশিষ্ট নাগৰিকসকলৰ লগতে সামাজিক সংগঠন, পৌৰ প্ৰতিনিধি আৰু জিলা প্ৰশাসনৰ সকলোবোৰ বিভাগৰ বিষয়াৰ উপস্থিতিত জিলা উপায়ুক্তগৰাকীয়ে এখন সভাত মিলিত হয় (Meeting of Barpeta DC for development of Barpeta) ৷
জিলা উপায়ুক্ত কাৰ্যালয়ৰ (Barpeta DC Office) সভাকক্ষত অনুষ্ঠিত সভাখনত অংশ লৈ জিলা উপায়ুক্তগৰাকীয়ে শতিকা প্ৰাচীন বৰপেটা চহৰৰ সৌন্দৰ্যসাধন, খোৱাপানী, ট্ৰেফিক, পাৰ্কি, নলা, পথ, ষ্ট্ৰীট লাইট আৰু কৃত্ৰিম বান সমস্যাসমূহৰ সমাধানৰ বাবে বিভাগীয় বিষয়া আৰু পৌৰসভাক আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷