জনীয়া, 23 ডিচেম্বৰ :দেশৰ সীমান্তৰ সুৰক্ষাৰ সমান্তৰালকৈ মানৱ সেৱাতো সমানে ব্ৰতী হৈ আহিছে সশস্ত্ৰ বাহিনীসমূহ ৷ বিভিন্ন বিপদৰ সময়ত আৰ্তজনৰ কাষত প্ৰথমে ঠিয় হৈছে সেনাৰ দল ৷ সেনাৰ অসামৰিক কাৰ্যনীতিৰ অধীনত তথা মানৱ সম্পদ ৰক্ষা নীতিৰ অধীনত বানপানী, ধুমুহা, ভূমিকম্প অথবা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ লগতে শেহতীয়া কোভিড-19 মহামাৰীৰ সময়তো দেখা গৈছিল মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন ৷
স্থলসেনাৰ তেনেই এক অসামৰিক কাৰ্যনীতিৰ অধীনত বুধবাৰে জনীয়া হাইস্কুল খেলপথাৰত আয়োজন কৰা হয় এক বিনামূলীয়া স্বাস্থ্য শিবিৰ ৷ শিবিৰত অঞ্চলটোৰ প্ৰাক্তন সেনাকে ধৰি বিভিন্নজনক সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়োৱা হয় স্বাস্থ্যসেৱাৰ উপৰিও দৰৱ-পাতি ৷