বৰপেটাৰোড 16 মাৰ্চ :মথনগুৰী সমষ্টিৰ এম চি এল এ গৌতম দাসে সোমবাৰে আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে ৷ বিজেপিৰ বৰপেটাৰোডৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা দলীয় সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে মথনগুৰী সমষ্টিৰএমচিএলএ গৌতম দাসক গেৰুৱা বস্ত্ৰ আৰু গামোচাৰে আদৰণি জনাই বিজেপি দলত আনুষ্ঠানিক ভাৱে আদৰি লয় ৷
MCLA গৌতম দাসৰ বিজেপিত যোগদান - MCLA Goutam Das Joins BJP
মথনগুৰী সমষ্টিৰ এম চি এল এ গৌতম দাসে সোমবাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷ বিজেপিৰ বৰপেটাৰোডৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা দলীয় সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে মথনগুৰী সমষ্টিৰ এম চি এল এ গৌতম দাসক গেৰুৱা বস্ত্ৰ আৰু গামোচাৰে আদৰণি জনাই বিজেপি দলত আনুষ্ঠানিকভাৱে আদৰি লয় ৷
উল্লেখ্য যে বি পি এফ দলত ৰাজনীতিৰ আদিপাঠ আৰম্ভ কৰি বিটিএডিৰ বিগত পৰিষদীয় নিৰ্বাচনত বিপিএফ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি মথনগুৰী সমষ্টিৰ পৰা এমচিএলএ হিচাপে নিৰ্বাচিত হৈছিল দাস ৷ এইবেলিও দাসে মথনগুৰী সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ বিপিএফ দলৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছিল যদিও হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে গৌতম দাসৰ পৰিৱৰ্তে বেগম আখতাৰা আহমেদক মথনগুৰী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাত গৌতম দাসে ক্ষোভিত হৈ বিপিএফ দল ত্যাগ কৰে ৷
সৰ্বভাৰতীয় স্তৰত বিজেপিয়ে যথেষ্ট উন্নয়ন মূলক কাম কৰিছে যাৰফলত বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা বুলি ন-বিজেপি গৌতম দাসে উল্লেখ কৰে ৷ গৌতম দাসে বিজেপিত যোগদান কৰি বিজেপি দলৰ পৰা মথনগুৰী সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি সুধা এক প্ৰশ্নৰ উত্তৰত কয় সেইটো ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ লগতে বিজেপি দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰে ৷ গৌতম দাসৰ লগত সোমবাৰে বিপিএফৰ পাঁচশ কৰ্মীয়ে বিজেপি দলত যোগদান কৰা বুলি গৌতম দাসে উল্লেখ কৰে ৷ গৌতম দাসৰ যোগদান কাৰ্যসূচীত বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাস, বৰপেটাৰোড নগৰ মণ্ডলৰ সভাপতি ৰাজা সৰকাৰ, গোৱৰ্ধনা মণ্ডলৰ সভাপতি জয়গুৰু ঘোষকে কেবাজনো বিজেপি নেতা উপস্থিত থাকে ৷