জনীয়া, 18 আগষ্ট :ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে শাসকীয় দলৰ বিধায়ক শিলাদিত্য দেৱ আৰু বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ আনকি, বিধায়ক শিলাদিত্য দেৱ আৰু কিষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাক সাম্প্ৰদায়িক, অপদাৰ্থ আৰু মানসিকভাবে বিকৃত লোক বুলিও অভিহিত কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ।
উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে অসমৰ স্বনামধন্য সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চৈয়দ আব্দুল মালিকৰ দৰে স্বাভিমানী অসমীয়াক 'বৌদ্ধিক জেহাদী'বুলি আপত্তিজনক মন্তব্য আগবঢ়াই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল । সেই বিতৰ্কৰ দুদিন পিচতেই বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাই ৰাজহুৱাভাবে ইছলামক 'পান্স' মাৰিব লাগে বুলি অতি প্ৰৰোচনামূলক বক্তব্য প্ৰদান কৰি পুনৰ আন এক বিতৰ্কৰ সৃষ্টি কৰাৰ অভিযোগ উখাপন হৈছিল ।