জনীয়া, 27 জুলাই : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ ত্ৰাস চলি থকাৰ সময়তে সোমবাৰে বৰপেটাত দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচাৰ্জ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷
বৰপেটাত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচাৰ্জ তথ্য অনুসৰি,দক্ষিণ তিতাপানী সমবায় সমিতিৰ সম্পাদক আব্দুছ ছবুৰৰ বিৰুদ্ধে বহু দিনৰ পৰাই দুৰ্নীতিৰ অভিযোগ উখাপন হৈছিল ৷ দুখীয়া ৰাইজৰ বিনামূলীয়া চাউল,দাইল,আটাৰ লগতে ৰেচন কাৰ্ড খেলিমেলি কৰাৰো গুৰুতৰ অভিযোগ উখাপন হৈ আহিছিল। কিন্তু বিভিন্ন সময়ত সম্পাদক গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পিচতো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷
শেষত উপায়ন্তৰ হৈ সোমবাৰে বৰভিটা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আঞ্চলিকৰ উদ্যোগত সম্পাদক আব্দুছ ছবুৰৰ দুৰ্নীতিৰ বিৰূদ্ধে লোৱা হৈছিল প্ৰতিবাদী কাৰ্যসূচী । কিন্তু প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰাৰ পূৰ্বেই কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ হাজৰিকাৰ নেতৃত্বত প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচাৰ্জ কৰা হয় ৷
দুৰ্নীতিৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ সাব্য়স্ত কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ এনে ব্যবহাৰ অঞ্চলটোৰ সচেতন মহলৰ মাজত বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ লগতে,সম্পাদক আব্দুছ ছবুৰ আৰু আৰক্ষী বিষয়া প্ৰণৱ হাজৰিকাৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰতিবাদকাৰী ৰাইজে ৷
লগতে পঢ়ক : অচিনাক্ত বাহনৰ খুন্দাত বেজেৰাত লতামাকৰিৰ মত্যু