বৰপেটা,4 অক্টোবৰ: দেওবাৰে নিশা বৰপেটা চহৰৰ মাজ মজিয়াত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড ৷ চহৰখনৰ মাজমজিয়াৰ ব্যৱসায়িক অঞ্চলৰ মেঘনা হিৰো শ্ব'ৰুমত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত শ্ব'ৰুমটোত জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা ওলোৱা ধোঁৱা দেখি ওচৰ-চুবুৰীয়া আৰু পথচাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷
বৰপেটাত ভয়ংকৰ অগ্নিকাণ্ড - বৰপেটা
বৰপেটাৰ মাজমজিয়াত দেওবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত মেঘনা হিৰো শ্ব'ৰুমত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন ৷
![বৰপেটাত ভয়ংকৰ অগ্নিকাণ্ড Massive Fire in Barpeta town](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9050246-thumbnail-3x2-fire.jpg)
বৰপেটাত ভয়ংকৰ অগ্নিকাণ্ড
ঘটনাৰ সংঘটিত হোৱাৰ পাচতেই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ এই অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ কম্পিউটাৰৰ লগতে কিছুসংখ্যক নথি-পত্ৰ ভস্মীভূত হয় ৷
লগতে পঢ়ক:হোজাইৰ উদালিত কংগ্ৰেছৰ প্ৰতিবাদ