অসম

assam

By

Published : Aug 13, 2022, 7:03 PM IST

ETV Bharat / state

কলগাছিয়াত ভয়াৱহ অগ্নিকাণ্ডত ভস্মীভূত হ’ল ৫ টাকৈ বাসগৃহ, অগ্নিদগ্ধ দুজন

কলগাছিয়াৰ বৰভিঠাত বিধ্বংসী অগ্নিকাণ্ড (Fire breakout at Kalgachia) ৷ এই অগ্নিকাণ্ডত 5 টাকৈ বাসগৃহ ভস্মীভূত হোৱাৰ লগতে দুগৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷

Fire breakout at Kalgachia
শ্বৰ্ট চাৰ্কিটৰ ফলত ভস্মীভূত ৫ টাকৈ বাসগৃহ

জনীয়া, 13 আগষ্ট: কলগাছিয়াৰ বৰভিঠাত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Fire breakout at Kalgachia) ৷ এই অগ্নিকাণ্ডত ভস্মীভূত হয় তিনিটাকৈ পৰিয়ালৰ 5 টা বাসগৃহ (Houses burnt in Fire incident at Kalgachia) ৷

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ(Kalgachia Police Station) অন্তৰ্গত বৰভিঠাত বাকা তুল্লাহ, আশ্ৰফ আলী, মইনুল হকৰ ঘৰত শনিবাৰে পুৱা ৫ মান বজাত শ্বৰ্ট চাৰ্কিটৰ ফলত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডটোৰ ফলত তিনিখন ঘৰতেই থকা গৰু, ছাগলী আৰু যাৱতীয় সমগ্ৰীসহ প্ৰায় ৪০ লাখ টকাৰ সা-সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷

লগতে আশ্ৰফ আলী আৰু তেওঁৰ পত্নীৰ শৰীৰত জুই লগাৰ ফলত গুৰুতৰভাৱে আহত হয় ৷ লগে লগে স্থানীয়ে লোকে আহতকেইগৰাকীক উদ্ধাৰ কৰি চান্দমামা মডেল হাস্পতালত ভৰ্তি কৰোৱায় ৷ দুয়োজনৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে বৰপেটাৰ ফকৰুদ্দি আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

শ্বৰ্ট চাৰ্কিটৰ ফলত ভস্মীভূত ৫ টাকৈ বাসগৃহ
ইফালে ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপন বাহিনীক ফোন কৰে যদিও ৰাস্তা বেয়া আৰু বহুত দূৰত হোৱাৰ কাৰণে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি পাওঁতে যথেষ্ট পলম হয় ৷

এই ঘটনাৰ পাচতে স্থানীয় ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰি কয়, "আমাৰ বৰভিঠা অঞ্চলত এখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী দিলে আমি যথেষ্ট উপকৃত হ’ম ৷ যদি আগতেই এখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী থকা হেতেন আজি আমাৰ ঘৰখন এনেদৰে ক্ষতিগ্ৰস্ত নহ’লহেতেন ৷"

লগতে পঢ়ক:নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details