বৰপেটা,৫ এপ্ৰিলঃ ৰাজ্যৰ বৰপেটা,মৰিগাঁও আৰু কোকৰাঝাৰত শনিবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ বৰপেটাৰ ৰৌমাৰী গাঁৱত সংঘটিত অগ্নিকাণ্ডৰ ফলত সাতটা পৰিয়ালৰ 9 টা গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ অগ্নিকাণ্ডটোৰ ফলত পৰিয়ালকেইটাৰ প্ৰায় ১৫ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হয় ৷ পৰিয়াল কেইটা ক্ৰমে-হাছিনা বেগম,গোলাপ হুছেইন,চম্পা খাতুন,আনোৱাৰ হুছেইন,মহৰচান আলী,আইজল হক আৰু মেগা আলীৰ বুলি জানিব পৰা গৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি,হাছিনা বেগমৰ গৃহত থকা জুহালৰ পৰা জুইৰ সূত্ৰপাত হয় । পিছত স্থানীয় লোকৰ তৎপৰতাত নিৰ্বাপিত হয় জুই । ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হয় যদিও পথৰ দুৰৱস্থাৰ বাবে অগ্নিকাণ্ডস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে প্ৰৱেশ কৰিব নোৱাৰি উভতি যাবলগীয়া হয় ৷
মৈৰাবাৰীঃমৰিগাঁও জিলাৰ হাঁহচৰাত সংঘটিত ভয়ানক অগ্নিকাণ্ড । শনিবাৰে নিশা প্ৰায় 8.30 বজাত সংঘটিত অগ্নিকাণ্ডটোৰ ফলত হাঁহচৰাৰ জামে মছজিদৰ সমীপৰ ফাইজুৰ ৰহমানৰ বাসগৃহৰ লগতে অন্য তিনিটা পৰিয়ালৰ ঘৰ জ্বলি ভস্মীভূত হয় ৷ বিধ্বংসী অগ্নিকাণ্ডৰ উৎপত্তিৰ কাৰণ এই মুহুৰ্তলৈকে জানিব পৰা হোৱা নাই । স্থানীয় একাংশ ৰাইজৰ লগতে মৈৰাবাৰীৰ অগ্নি নিৰ্বাপক বাহিনীৰ দুখন বাহনে জুই নুমুৱাবলৈ সক্ষম হয় যদিয়ো ইতিমধ্যে পৰিয়ালকেইটাৰ সমগ্ৰ সা-সম্পত্তি ভষ্মীভূত হয় ।