জনিয়া, 5 ডিচেম্বৰ : অইন দিনাৰ দৰে শনিবাৰেও নিশা কলগাছিয়াত নিহপালি দি শুইছিল সকলো ৷ তেনেতেই ঘটিছিল অঘটনটো ৷ কলগাছিয়া বজাৰত লাগিছিল জুই(Massive Fire at Kalgachia) ৷ জুই মানে ঘটনা ডাঙৰেই ৷ বৈদ্যুতিক শ্ব’ৰ্ট চাৰ্কিট হৈ বজাৰখনৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সূত্ৰপাত ঘটিছিল জুইৰ ৷ ক্ৰমাৎ জুইৰ লেলিহান শিখাই ছানি ধৰিছিল অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো ৷
মূহুৰ্ততে প্ৰায় এনেধৰণৰ 20 খন বিপণীলৈ সম্প্ৰসাৰিত হৈছিল জুইৰ শিখা ৷ কলগাছিয়া থানাৰ অন্তৰ্গত কলগাছিয়া সাপ্তাহিক বজাৰত শনিবাৰে নিশা সংঘটিত এই অগ্নিকাণ্ডৰ ফলত প্ৰায় এক কোটি টকাৰ সামগ্ৰীৰ বিনষ্ট সাধন হয় ৷