অসম

assam

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 1:14 PM IST

ETV Bharat / state

Erosion in Jania: মইনবড়িত মুছলমানে আশ্ৰয় দিছে খহনীয়াগ্রস্ত হিন্দু পৰিয়ালক

বেকী নদীৰ ব্যাপক গৰাখহনীয়া অব্য়াহত । পশ্চিম মইনবড়িত ঘৰ-বাৰী হেৰুৱাই দিশাহাৰা হৈছে বহু পৰিয়াল । সম্প্ৰীতিৰ চানেকি দাঙি ধৰিছে ৰাইজে ।

Massive erosion of Beki River in Mainbari
বেকী নদীৰ ব্যাপক গৰাখহনীয়া

বেকী নদীৰ ব্যাপক গৰাখহনীয়া

জনীয়া, ১২ নৱেম্বৰ: বিগত কেইমাহমান ধৰি পশ্চিম মইনবড়িত অব্যাহত আছে বেকী নদীৰ ব্যাপক গৰাখহনীয়া । গৰাখহনীয়াত জাহ গৈছে শ শ পৰিয়ালৰ ভেটি মাটিৰ লগতে কৃষিভূমি । ফলত এইদৰে নিজৰ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপৰি মেলিছে খহনীয়াগ্রস্ত ৰাইজে । ইয়াৰ পিচতো কানসাৰ নাই জন প্ৰতিনিধিৰ তথা জিলা প্ৰশাসনৰ । ঘৰ-বাৰী, ভেটি-মাটি সৰ্বস্ব হেৰুৱাই দিশাহাৰা হৈছে বহু পৰিয়াল । ইফালে, জয়চান কৰ্মকাৰ নামৰ এজন লোকৰ ঘৰ গৰাখহনীয়াত জাহ যোৱাত অমৰ আলী আহমেদ নামৰ এজন মুছলমান লোকে নিজৰ ঘৰত আশ্ৰয় দি সম্প্ৰীতিৰ চানেকি দাঙি ধৰিছে ।

আনহাতে, উক্ত ঠাইত থকা এটা মন্দিৰ সম্পূৰ্ণৰূপে গৰাখহনীয়াত জাহ গৈছে । গৰাখহনীয়াত স্বৰ্বস্বান্ত হোৱাৰ পিছতো স্থানীয় বিধায়কে কোনো খবৰ ল'বলৈ আহৰি নোপোৱাত ক্ষুদ্ধ হৈ পৰিছে ভুক্তভোগী ৰাইজে । একাংশ ক্ষুব্ধ ৰাইজে কয়,"শ্বেৰমান আলী আহমেদে কেৱল ৰাজনৈতিক মুনাফা আদায় কৰিছে । আমি বিজেপিক ভোট দিম তথাপিও ভণ্ড নেতা সকলক ভোট নিদিওঁ ।" এতিয়া গৰাখহনীয়াগ্রস্থ লোকে জনপ্ৰতিনিধিৰ বিৰুদ্ধে অগ্নিশর্মা হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," দুই তিনিবাৰ আন্দোলন কৰাৰ পিছত আমাৰ স্থানীয় বিধায়ক মইনবড়িতলৈ আহি পোৱা নাই । বদৰুদ্দিন আজমল আহিছিল যদিও মোনাজাত কৰি গুচি গ'ল । যত বদৰুদ্দিন আজমলে আমিন ধৰিছিল, সেই ঠাইখিনি বৰ্তমান নাই । "

খহনীয়া প্ৰতিৰোধৰ বাবে সাংসদ আব্দুল খালেকে ১৫ লাখ টকা দিছে যদিও কোনো কাম নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে বিধায়ক শ্বেৰমান আলী আহমেদ দুখৰ সমভাগী হ'ব লাগিছিল যদিও তেনে কৰা নাই । এজন গৰাখহনীয়াগ্রস্থ লোকে ক্ষোভ উজাৰি শ্বেৰমান আলী আহমেদক অযোগ্য বিধায়ক বুলি কয় । তেওঁ কয়,"মই শ্বেৰমান আলী আহমেদৰ ১০ বছৰ প্ৰজেক্ট চলাইছো আৰু এই শ্বেৰমানে মোক চিনি নাপায় । শ্বেৰমান আলী আহমেদে চাৰিবাৰকৈ আধাৰশিলা স্থাপন কৰিছে,সেইবিলাক আধাৰশিলা ভাঙি থৈ দিছো । আজিলৈকে একো কাম কৰা নাই । সেয়ে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক উক্ত অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ লগতে অনতি পলমে পুনৰ সংস্থাপনৰ বাবে কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Parag festival in Dhemaji: জোনাইৰ উজনি বিজয়পুৰত পঃৰাগ উৎসৱৰ লাইখুটা স্থাপন

ABOUT THE AUTHOR

...view details