অসম

assam

Beki River Erosion: বেকী নৈৰ বুকুত জাহ গ’ল অৰ্ধশতাধিক পৰিয়ালৰ মাটি ভেঁটি

By

Published : Aug 20, 2023, 1:52 PM IST

কলগাছিয়াৰ বলাইপাথাৰত বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়া । এই গৰাখহনীয়াত ইতিমধ্যে জাহ গ’ল অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ । নিশ্চিহ্ন হোৱাৰ পথত কলগাছিয়া-লাচাংগা গড়কাপ্তানি পথচোৱাও । চপৰা-চপৰে গড়া খহা দেখি টালি-টোপোলা বন্ধী নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ভুক্তভোগী নৈপৰীয়া ৰাইজে ৷

Beki River Erosion at Kalgachia
বলাইপাথাৰত বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়া

ত বেঁকী নদীৰ গৰাখহনীয়াই ধাৰণ কৰিছে ভয়াৱহ ৰূপ

জনীয়া, 20 আগষ্ট :কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত বেঁকী নদীৰ গৰাখহনীয়াই ধাৰণ কৰিছে ভয়াৱহ ৰূপ । বিগত তিনি মাহতে উছন হ’ল 50 টাকৈ পৰিয়ালৰ ভেঁটি-মাটি । এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া ৰাইজে ৷ আনকি বৰ্তমান পৰ্যন্ত ক্ষয়-ক্ষতিগ্ৰস্ত খবৰ ল’বলৈ সাংসদ অথবা বিধায়ক নহা বুলিও আপত্তি কৰিছে নৈপৰীয়া ৰাইজে ৷

ভুক্তভোগী নৈপৰীয়া ৰাইজে উল্লেখ কৰা অনুসৰি, 50 টাকৈ পৰিয়ালৰ ভেঁটি মাটি উছন হোৱাৰ লগতে ইতিমধ্যে খহনীয়াত জাহ গৈছে কলগাছিয়াৰ পৰা লাচাংগালৈ যোৱা গড়কাপ্তানি পথটো । বিগত বছৰটো বাদেই চলিত বৰ্ষতো নদীৰ বুকুত জাহ গ’ল কেইবাটাও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ ।

বলাইপাথাৰত বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়া

চকুৰ সন্মুখতে নিজৰ আপোন ঘৰখন নদীৰ বুকুত জাহ যোৱা দেখি কেৱল হুমুনিয়াহ কাঢ়িব লগীয়া হৈছে এই লোকসকলে ৷ গৃহহাৰা হৈ বিপাঙত পৰিছে এতিয়া নৈপৰীয়া লোকসকল ৷ আনকি এমুঠি ভাতৰ বাবেও হাহাকাৰ কৰিব লগাত পৰিছে বলাইপাথাৰ গাঁৱৰ খহনীয়াগ্ৰস্ত নৈপৰীয়া লোকসকলে ৷

উল্লেখ্য যে, নিৰ্বাচন আহিলে ভোটাৰ ৰাইজৰ প্ৰতি আদৰ বাঢ়ে জনপ্ৰতিনিধিৰ মনত ৷ কিন্তু নিৰ্বাচনত জিকাৰ পিচত সেই জন প্ৰতিনিধিয়ে ৰাইজৰ দুখ দুৰ্দশাৰ কথা পাহৰি যায় । গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে স্থানীয় সাংসদ আব্দুল খালেক আৰু জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ভুক্তভোগীৰ খবৰ ল’বলৈ আহৰি নোপোৱাত ক্ষুদ্ধ হৈ পৰিছে ৰাইজ ।

বেকী নৈৰ কালৰূপী খহনীয়াৰ কৱলত পৰি একাংশই নিজৰ ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে যদিও আন একাংশই মুকলি আকাশৰ তলতে নিশা যাপন কৰিব লগা হৈছে । সেয়ে অতি সোনকালে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰ আৰু বৰপেটা জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে ভুক্তভোগীসকলে ৷ ইয়াৰোপৰি ক্ষতিগ্ৰস্ত পৰিয়ালক এককালীন ক্ষতিপূৰণ প্ৰদানৰ বাবেও তেওঁলোকে দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক :Road accident: ৰঙাজান দলঙৰ পৰা তললৈ বাগৰি পৰিল চাৰিচকীয়া বাহন; এজন আহত

ABOUT THE AUTHOR

...view details