জনীয়া,৭ আগষ্ট:বেকী নৈৰ খহনীয়াই কলগাছিয়াত লৈছে ভয়াৱহ ৰূপ ৷ খহনীয়াৰ কবলত পৰি কলগাছিয়া ৰাজহ চক্ৰৰ কাচুকাটি চৰবাসীয়ে নিতৌ হেৰুৱাইছে ঘৰ-বাৰী ৷ প্ৰায় দু শতাধিক পৰিয়ালে বাস কৰা বৃহৎ অঞ্চলটোত এতিয়া আছেগৈ মাত্ৰ 30 টামান পৰিয়ালহে ৷ শস্য-শ্যামলা গাঁওখনৰ প্ৰায় সকলোবোৰেই জাহ গ’ল বেঁকীৰ বুকুত ৷ ফলত ঘৰ-বাৰী এৰি সম্ভৱপৰ দুই এপদ সামগ্ৰী লগত লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে খহনীয়াগ্ৰস্ত (Erosion of Beki River) ।
বিগত দুটা মাহে বেঁকী নৈৰ গৰাখহনীয়াৰ কৱলত পৰি নিজৰ ঘৰবাৰী, মাটি-ভেটি, খেতি পথাৰ হেৰুৱাই যাত্ৰা কৰিছে নিৰাপদ স্থানলৈ (Beki river erosion)। কিন্তু এই দুৰ্ভগীয়া লোকসকলে আশ্ৰয় গ্ৰহণ কৰিবলৈ নাই কোনো নিৰ্দিষ্ট স্থান । ফলত নদীৰ পাৰতে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে এই ভুক্তভোগীসকল । ইফালে বেঁকী নৈৰ গৰাখহনীয়াই শনিবাৰে নিশাও ৰুদ্ৰমূৰ্তি ধাৰণ কৰে(Erosion at Jania) ।