জনীয়া, 21 চেপ্তেম্বৰ:বাঘবৰ সমষ্টিৰ গোবিন্দপুৰ গাঁৱত সোমবাৰে গৰাখহনীয়া প্ৰতিৰোধৰ দাবীৰে ৰাজপথত ওলাল ৰাইজ ৷ জানিব পৰা মতে, বিগত 15 দিনত 70 টাকৈ পৰিয়ালৰ মাটি-ভেঁটিকে ধৰি সৰ্বস্ত জাহ গৈছে খহনীয়াত ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বাঘবৰ সমষ্টিৰ গোবিন্দপুৰ, চতলা, ৰৌখোৱা, পাথৰচালি, চতলা এন চি, হাপাচৰা আদি গাঁৱত বিগত চাৰি মাহ ধৰি বেকী, ব্ৰহ্মপুত্ৰ আৰু মানাহ নদীৰ খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে ৷ ৰাইজৰ ঘৰকে ধৰি খহনীয়াত জাহ গৈছে শ শ বিঘা কৃষিভূমি ৷
খহনীয়া প্ৰতিৰোধৰ দাবীৰে বাঘবৰবাসীৰ প্ৰতিবাদ - massive erosion in baghbor
বিগত চাৰি মাহ ধৰি বেকী, ব্ৰহ্মপুত্ৰ আৰু মানাহ নদীৰ খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে বাঘবৰ সমষ্টিৰ কেতবোৰ অঞ্চলত ৷ তাৰ পাচতো স্থানীয় জনপ্ৰতিনিধিৰ তৎপৰতাহীনতাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ যাৰ বাবে সোমবাৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷
![খহনীয়া প্ৰতিৰোধৰ দাবীৰে বাঘবৰবাসীৰ প্ৰতিবাদ খহনীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8878130-thumbnail-3x2-kk.jpg)
ইমানৰ পাচতো কিন্তু এই পৰ্যন্ত বাঘবৰ সমষ্টিৰ স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদৰ কোনো তৎপৰতা দেখিবলৈ পোৱা নাই বুলি অভিযোগ কৰে স্থানীয় লোকে ৷ আনহাতে, বৰপেটাৰ সাংসদ আব্দুল খালেকৰ ৰাইজৰ এনে দীৰ্ঘদিনীয়া সমস্যাৰ খবৰ ল'বলৈ আহৰি পোৱা নাই বুলিও অভিযোগ কৰে ৰাইজে ৷ যাৰ বাবে উপায়ন্তৰ হৈ ক্ষুব্ধ ৰাইজে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰে ৷ তেওঁলোকৰ দাবী যে, অতি শীঘ্ৰেই যেন জনপ্ৰতিনিধি কিম্বা চৰকাৰে তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্য়া সমাধান কৰে ৷ অন্য়থা ইয়াৰ প্ৰত্যুত্তৰ সমাগত নিৰ্বাচনত ভোট বৰ্জন কৰি হ'লেও দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী ৰাইজে ৷