জনীয়া,১৭ ছেপ্টেম্বৰ:বানপানী আৰু গৰাখহনীয়া যেন জনীয়া সমষ্টিবাসীৰ বাবে অভিশপ্ত হৈ পৰিছে । বিগত এটা মাহত উচন হ’ল প্ৰায় ডেৰ শতাধিক পৰিয়ালৰ ভেটি-মাটি । প্ৰতিবছৰে বানপানী আৰু বেঁকী নৈৰ গৰাখহনীয়াই নৈপৰীয়া ৰাইজৰ সপোনৰ ঘৰ উচন কৰি পথৰ ভিক্ষাৰীলৈ পৰিণত কৰি আহিছে ।
জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ, কাউৰঝাহি গাঁৱত বেঁকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি চপৰা চপৰে খহাই নিছে ভেটি-মাটি । কিন্তু আজি পৰ্যন্ত চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ প্ৰতি আস্থা হেৰুৱাই গাঁঠিৰ ধন ভাঙি ৰাইজে ঘৰে ঘৰে গৈ বাঁহ, গছ সংগ্ৰহ কৰি শ শ ৰাইজে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ হাতে-কামে লাগিছে ।
সম্প্ৰতি বেঁকী নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে কোটিটকীয়া এটা দুমহলীয়া মছজিদ । সমান্তৰালভাৱে সম্পূৰ্ণৰূপে জাহ গৈছে এটা গড়কাপ্তানি পকী পথ । যাৰ বাবে শনিবাৰে বলাইপাথাৰৰ বেঁকী নদীৰ পাৰত ৰাইজে হাতে-কামে ব্যস্ত হৈ পৰিছে পাৰ্কুপাইন নিৰ্মাণৰ কামত । যিকোনো প্ৰকাৰে মছজিদটো ৰক্ষা কৰাৰ চেষ্টা চলাইছে নৈপৰীয়া ৰাইজে ।