বৰপেটা, 26 আগষ্ট :বৰপেটা জিলাৰ বহৰিত থকা ইউকো বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী অভিযোগ । চেঙা সমষ্টিৰ বান্দালী গাঁৱৰ প্ৰায় 400 ব্যক্তিৰ নামত গ্ৰাহক সেৱা কেন্দ্ৰটোত দালালে ভুৱা একাউন্ট খুলি চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷
বৰপেটাত ইউকো বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্নীতিৰ অভিযোগ - এমজিএনৰেগা আঁচনি
বৰপেটাৰ ইউকো বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত বৃহৎ কেলেংকাৰী অভিযোগ ৷ 400 ব্যক্তিৰ নামত গ্ৰাহক সেৱা কেন্দ্ৰটোত দালালে ভুৱা একাউন্ট খুলি চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷

আনহাতে, প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধি, মহিলাৰ গৰীৱ কল্যাণ আঁচনি আৰু এম জি এনৰেগা আঁচনিৰ ধন 400 ভুৱা একাউন্টৰ জৰিয়তে আত্মসাৎ কৰাৰ অভিযোগ দালাল আৰু চি এচ পিৰ পৰিচালক গৰাকীৰ বিৰুদ্ধে । চি এচ পি টোৰ পৰিচালক ৰফিকুল ইছলাম, দালাল ৰবিউল আহমেদ, জাহাংগীৰ আলী, কংগ্ৰেছ কৰ্মী আইনাল হকৰ বিৰুদ্ধে জালিয়াতিৰে ধন আত্মসাৎৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে । ইতিমধ্যে, বাদশা ফকিৰ নামৰ এগৰাকী ভুক্তভোগী লোকে চাৰিওগৰাকী অভিযুক্তৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ।
লগতে পঢ়ক : বঙাইগাঁৱত ট্ৰাক চালকৰ হত্যাকাণ্ডত জড়িত দুজনক গ্ৰেপ্তা
ৰ