বৰপেটা,১ মে’:দেশত কৰ'ণা মহামাৰীয়ে জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সময়তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্যসকলে বিভিন্ন স্থানত ৰাইজক সজাগ কৰাৰ বাবে নানান কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ বিশেষকৈ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী খণ্ডৰ স্বয়ংসেৱকসকলে সকলোৱে যাতে মাস্ক ব্যৱহাৰ কৰাৰ লগতে সঘনাই হাত ধোৱা, বিশেষ প্ৰয়োজন নহ’লে ঘৰৰ বাহিৰলৈ নোলোৱা, জনসমাগম পৰিহাৰ কৰি চলাৰ লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ হাটে-বজাৰে ৰাইজক সজাগ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷
এইমৰ্মে শনিবাৰে জিলাখনৰ সৰুক্ষেত্ৰী খণ্ডৰ স্বয়ংসেৱকসকলে অঞ্চলটোৰ বিভিন্ন স্থানত মাইকযোগে ঘোষণা কৰি ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায় ৷ লগতে যিসকল লোকে মাস্ক পৰিধান নকৰাকৈ বজাৰে-সমাৰে ঘূৰি ফুৰিছে, সেইসকল লোকক স্বয়ংসেৱকসকলে হাতবোৰ চেনিটাইজ কৰি প্ৰত্যেককে মাস্ক বিতৰণ কৰি মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনায় ৷