অসম

assam

By

Published : Mar 21, 2020, 5:00 PM IST

ETV Bharat / state

হাউলীৰ কালঝাৰত বিনামূলীয়া মাস্ক বিতৰণ

কৰ'ণা ভাইৰাছৰ সমক্ৰমণ ৰোধৰ বাবে ৰাইজক সজাগ হব'লৈ আহ্বান বৰপেটাৰ হাউলীৰ কালঝাৰৰ মানৱ সেৱা নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ ৷ শনিবাৰে এই সংগঠনৰ উদ্যোগত বাছ যাত্রী সকলৰ লগতে পথচাৰীৰ মাজত বিতৰণ কৰা হয় বিনামূলীয়া মাস্ক ৷

বিনামূলীয়া মাস্ক বিতৰণ
বিনামূলীয়া মাস্ক বিতৰণ

বৰপেটা, ২১ মাৰ্চঃকৰ'ণা ভাইৰাছৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে ইতিমধ্যে বৰপেটা জিলাতো প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি ব্যাপক জন সমাগম ৰোধৰ প্ৰচেষ্টা হাতত লৈছে । ইয়াৰ সমান্তৰালভাৱে একাধিক সামাজিক সংস্থা, সংগঠনে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহন কৰি কৰ'ণা ভাইৰাছ সমক্ৰমণ ৰোধৰ ক্ষেত্ৰত সহযোগ আগবঢ়াইছে ৷

হাউলীৰ কালঝাৰত বিনামূলীয়া মাস্ক বিতৰণ

আজি বৰপেটাৰ হাউলীৰ কালঝাৰৰ মানৱ সেৱা নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে ৰাইজৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে । স্বেচ্ছাসেৱী সংস্থাটোৰ সদস্যসকলে আজি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ যাত্রীসকলৰ লগতে পথচাৰীৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰি ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় ।

লগতে পঢ়কঃকৰ’ণা ভাইৰাছৰ বাবে ব্যাহত নহয় উত্তৰ-পূৱ ভাৰতৰ বিমান সেৱা

ABOUT THE AUTHOR

...view details